নিৰুদ্দেশ হাওৰাঘাটৰ উত্তম বসুমতাৰী...

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ পদুম পুখুৰী গাওঁ নিবাসী তথা ডাক বিভাগৰ চৰকাৰী কৰ্মচাৰী উত্তম বসুমতাৰী নিৰুদ্দেশ

author-image
Asomiya Pratidin
New Update
নিৰুদ্দেশ হাওৰাঘাটৰ উত্তম বসুমতাৰী...

ডিজিটেল সংবাদ, কাৰ্বি আংলং : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ পদুম পুখুৰী গাওঁ নিবাসী তথা ডাক বিভাগৰ চৰকাৰী কৰ্মচাৰী উত্তম বসুমতাৰী নামৰ ৫৫ বছৰীয়া ব্যক্তিজন বিগত ১৩ মে'ৰ দিনা নগাওঁ জিলাৰ লুটুমাৰীত নিজ পত্নীৰ সৈতে ফুৰিবলৈ যোৱাৰ সময়ত তাৰ পিছৰ পৰাই বৰ্তমানলৈকে তেওঁ নিৰুদ্দেশ হৈ আছে ।

Advertisment

জানিব পৰা মতে, নগাওঁ জিলাৰ কচুৱা থানাৰ অন্তৰ্গত গণেশপুৰ মাটিয়া পাহাৰ গাঁৱত আলহী খাবলৈ যোৱাৰ পিছত ভাত খাই দুজন সৰু ল'ৰাক লগত লৈ ৰাস্তাত ফুৰিবলৈ যোৱাৰ পিছতেই নিৰুদ্দেশ হৈ পৰে। সৰু ল'ৰা দুটাই ঘূৰি আহি পৰিয়ালক অৱগত কৰাত পৰিয়ালৰ ফালৰ পৰা কচুৱা থানাত এই নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰে।

বহু বিচাৰ খোচাৰ কৰাৰ পিছতো কোনো ধৰণৰ শুং-সূত্ৰ বিচাৰি উলিয়াব নোৱাৰাৰ বাবে চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। সদাশয় লোকে নিৰুদ্দিষ্ট উত্তম বসুমতাৰীক দেখা পালে বা কোনো খবৰ পালে ম'বাইল নম্বৰ ৮০১১০২৪৬৭১ অথবা ৭০০২৩০৪৫৬৪ত নাইবা ওচৰৰ যিকোনো আৰক্ষী থানাত জনাবৰ বাবে অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

Also Read: প্ৰসংগ- কৰ্ণাটকৰ নিৰ্বাচন : ১২২ জন নৱনিৰ্বাচিত বিধায়কৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ...

Assam police