/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/1ce63b95-aea1-4ed2-b7cf-e58e4013ef7f/178.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ বেলগুৰি জয়হৰি ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ ৫৮ সংখ্যক বাৰ্ষিক অধিৱেশখনি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ,নাম-প্ৰসংগ,মূল তোৰণ উন্মোচন, সম্বৰ্ধনা, প্ৰতিনিধি শিবিৰৰ দ্বাৰ মুকলি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/6a800109-ee57-435e-a929-faba6ff325cb/7d918966_26e2_4747_ae85_ac00a17b819b.jpg)
বিয়লি সাহিত্য শাখাৰ মুকলি অধিৱেশন অনুষ্ঠিত কৰা হয়। সাহিত্য শাখাৰ সভাপতি প্ৰসেন ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে অসমীয়া ভাষিক সন্থাৰ প্ৰাক্তন সভাপতি অনিল হাজৰিকাই।
সম্পাদক দিলীপ দাসে আঁত ধৰা সভাত 'নামামৃত' উন্মোচন কৰে অজিত বৰাই । সভাত নিদিষ্ট বক্তা হিচাপে থংনকবে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভৱেন কোচে সাৰুৱা ভাষণ প্ৰদান কৰে। সভাত শিশু বক্তা হিচাপে উপস্থিত থাকি হাওৰাঘাট আঞ্চলিক শাখৰ শিশু বক্তা উৎপল বৰাই সোণসেৰীয়া সুন্দৰ ৰসাল ভাষণ দি উপস্থিত ৰাইজৰ সকলোকে মোহিত কৰে। সভাত কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে উপস্থিত থাকি ভাষণ দিয়ে।