/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/49e74122-9382-4b2d-8e44-914e55da32f3/177.jpg)
ডিজিটেল সংবাদ,ধেমাজি : 'টাই আহোমক জনজাতি কৰিবই লাগিব। এইয়া আমাৰ ৰাজনৈতিক আৰু সাংবিধানিক দাবী। ইয়াৰ অন্যথা আমি কাকোৱেই ৰেহাই নিদিম।' এই মন্তব্য সদৌ টাই আহোম ছাত্ৰ সন্থা (“আটাছু“)ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈৰ ৷
বুধবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি সদৰ আঞ্চলিক সমিতি আৰু ধেমাজি সদৰ মহিলা সমিতিৰ যৌথ উদ্যোগত ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত কেন্দ্ৰীয় মে-ডাম-মে-ফিৰ মুকলি সভা উদ্বোধন কৰে সভাপতি বসন্ত গগৈয়ে। তেওঁ কয় যে, জনজাতিকৰণ আমাৰ ৰাজনৈতিক ন্যায্য দাবী। টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ-ৰাজবংশী আৰু চাহজনগোষ্ঠীসহ ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী ঐতিহাসিক ভিত্তিত আৰু সাংবিধানিকভাৱে প্ৰাপ্য বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e84e01b9-0f0b-46c0-bda9-118ba751d1b0/0030a904_2b26_49fa_b58b_52f5f0a6c804.jpg)
এই জনগোষ্ঠী কেইটাৰ জনজাতিকৰণৰ সীমা আৰু পিছুৱাই দিয়া নহ'ব আৰু লাগিবই বুলিও হুংকাৰ প্ৰদান কৰে। শীঘ্ৰেই টাই আহোমক জনজাতি ঘোষণা নকৰিলে আটাছুৱে কেতিয়াও বহি নাথাকে,টাই আহোমক জনজাতিকৰণৰ দাবী সাংবিধানিক ন্যায্যতা আৰু বাস্তৱিকতা আছে বুলি উল্লেখ কৰে ৷
ভাষণত প্ৰসংগত তেওঁ কয় যে, ৬জনগোষ্ঠীক জনজাতিকৰণ কৰিলেহে অসম অসমীয়াৰ হৈ থাকিব। অসম বিধানসভা অনাদি অনন্ত কাললৈকে অসমীয়াৰ হৈ থাকিব বুলি উল্লেখ কৰে ৷ উদযাপন সমিতিৰ সভাপতি চাও পদ্ম বুঢ়াগোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/6a2ca985-ecc4-451e-bfdd-7de5c77f2ec0/9f5a0f15_cdbd_4374_a359_418434efb11a.jpg)
নিতুমণি শইকীয়াই কয় যে, যি জাতিয়ে অতীত ৰোমন্থন কৰিব নোৱাৰে সেই জাতিৰ ভবিষ্যত নাই । স্বৰ্গদেউৰ চাওলুং চ্যুকাফাৰ নীতি আদৰ্শ বৰ্তাই ৰাখিব পাৰিলেহে অসমত অসমীয়া সুৰক্ষিত হৈ থাকিব ৷
বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰা অসম এখন ক্ষুদ্ৰ ভাৰত বুলি উল্লেখ কৰি আহোমে ৬শ বছৰ ৰাজত্ব কৰাৰ পাছত পু-লিন পু-থাওসকলে দিয়া আশীৰ্বাদত আহোমসকল এতিয়াও অসমৰ লগতে বিশ্বতো জিলিকি আছে ৷
বক্তব্যৰ প্ৰসংগত তেওঁ অলিম্পিক বিজয়ী প্ৰথম অসমীয়া লাভলীনা বৰগোহাঁই এই আহোম জাতিৰ। ১৫ বছৰ একেলেথাৰীয়ে মুখ্যমন্ত্ৰী হোৱা তৰুণ গগৈও এই আহোম জনগোষ্ঠীৰ। বিধানসভাৰ ১২৬ গৰাকী বিধায়কৰ ভিতৰত সিংহৰ দৰে গৰজি থকা অখিল গগৈও এই আহোম জাতিৰ। সিংহপুৰুষ হেম বৰুৱাৰ পিছতেই দিল্লীৰ সাংসদত পাৰদৰ্শিতা দেখোৱাবলৈ সক্ষম হোৱা গৌৰৱ গগৈও এই আহোম জনগোষ্ঠীৰ লোকেই বুলি উল্লেখ কৰি আহোমসকলৰ অৱদান অসমত চিৰকাল জিলিকি থাকিব বুলিও প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকগৰাকীয়ে উল্লেখ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/9025ce1b-2b15-49ee-a7c4-ef8977adbe80/30e2a04d_a35c_4a67_9257_5c5bbb2cc46e.jpg)
মুকলি সভাতেই মে-ডাম-মে-ফিৰ “স্মৃতিগ্ৰন্থ পু-লিন পু-থাও“ উন্মোচন কৰে ধেমাজি খণ্ড উন্নয়ন বিষয়া তথা বিশিষ্ট কবি নবীন কামানে । সভাত সদৌ টাই আহোম ছাত্ৰ সন্থা আটাছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সম্পাদক গৌতম গগৈ, ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ -সভাপতি দেৱজিৎ দাস,পয় ফুৰালুং ম্যুঙ ডুন চুন খাম অসমৰ সম্পাদক জয়ন্ত দিহিঙীয়া, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সম্পাদক স্বৰূপ গোঁহাই, সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক দীপক বৰা,সদৌ অসম অনুসুচীত জাতি ছাত্ৰ সন্থাৰ সম্পাদক দেৱ কুমাৰ দাস, টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক গণেশ গগৈ, ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি দিলীপ খানাল আদি উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/c04718b2-0142-425e-b4f8-466144403122/fa98efad_df92_43d7_9e1d_f1129df6a17b.jpg)
আনহাতে বিশিষ্ট অতিথি হিচাপে অসম গণ পৰিষদৰ মুখপাত্ৰ কস্তৰী চুতীয়া, ধেমাজি জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ, অসম বাৰ্তাজীৱী সংঘৰ কাৰ্য্যনিবাহক সদস্য অশ্বিনী কুমাৰ দুৱৰা, ধেমাজি টাইপা জিলা সমিতিৰ সভাপতি মাধৱ গগৈ,ধেমাজি ব্যৱসায় সন্থাৰ সভাপতি ঘনকৃষ্ণ বৰগোঁহাই, সমাজকৰ্মী পুলিন বৰগোঁহাই,মনোজ কোঁৱৰ,পলিন্দ্ৰ বৰা,ধীৰাজ গোৱালা, উদয়ন গগৈ,দীপক বৰা, সোমৰাজ পুৰী, প্ৰশান্ত দেউৰী, প্ৰণৱ হাজৰিকা,ৰাণা দেউৰী, জয়ন্ত হাজৰিকা, মনোৰঞ্জন বৰগোহাঁই আৰু ৰবিন্দ্ৰ বাইলুঙে অংশগ্ৰহণ কৰে ৷
সভাৰ আঁত ধৰে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনোজ গগৈয়ে ৷ সভাত বিশিষ্ট সাহিত্যিক পেঞ্চনাৰ বগেন গগৈক বিশেষভাৱে সম্বৰ্ধনা জনায় ৷ মুকলি সভাত সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উৰ্ত্তীৰ্ণ হৈ ধেমাজি জিলালৈ গৌৰৱ কঢ়িয়াই অনা ভাস্কৰজ্যোতি দিহিঙীয়া, দৰথি গগৈ, দৰ্শন বুঢ়াগোহাঁই ,হেমপ্ৰভা কলিতা, প্ৰীতি দলে আৰু অঞ্জিতা পালক সম্বৰ্ধনা জনায় ৷
সভাত অসম গৌৰৱ সন্মান লাভ কৰা জেচমিন কুম্বাং পাৱ আৰু শিল্পী পেঞ্চনৰ ইন্দ্ৰেশ্বৰ সোনোৱালক সম্বৰ্ধনা জনায় । মুকলি সভাৰ পূৰ্বে সামূহিক চাফাই, মে-ডাম -মে-ফিৰ মাংগলিক অনুষ্ঠান,পতাকা উত্তোলন, মৈডাম তৰ্পন, চ্যুকাফা প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন,মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যপৰ্ণ,বন্তি প্ৰজ্বলন,জয়মতীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আদি কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/694d90ba-9116-44a1-89a9-a9e9fccebf0d/ad54bbb2_ced3_4f13_869d_775abc17983d.jpg)
দুপৰীয়া সমন্বয় শোভাযাত্ৰাৰ উদ্বোধন কৰে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ৷ শোভাযাত্ৰাত অভিনেত্ৰী জয়শ্ৰী বৰ্মন,ৰাজীৱ দুৱৰী,আটাছুৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে বিভিন্ন সংগঠনৰ সৈতে অঞ্চলৰ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷
Also Read: কেবিনেট বৈঠক : ৩৭৬ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীত নিৰ্মাণ হ'ব আৰু এখন উৰণসেতু