ডিফুত প্ৰয়াত পাৰি ৰংপিৰ সোঁৱৰণত বহুভাষিক কবি সন্মিলন...

কাৰ্বি আংলং জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত পাৰি ৰংপিৰ সোঁৱৰণত অনুষ্ঠিত হয় বহুভাষিক কবি সন্মিলন । জিলাখনৰ ন-পুৰণি ৫৬ গৰাকী কবিৰ কবিতা পাঠেৰে জীপাল কৰি তুলিলে ডিফুৰ ৰাংছিনা ভৱনৰ পৰিৱেশ

author-image
Asomiya Pratidin
New Update
ডিফুত প্ৰয়াত পাৰি ৰংপিৰ সোঁৱৰণত বহুভাষিক কবি সন্মিলন...

বহুভাষিক কবি সন্মিলন

ডিজিটেল সংবাদ, কাৰ্বি আংলংঃ কাৰ্বি আংলং জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত পাৰি ৰংপিৰ সোঁৱৰণত অনুষ্ঠিত হয় বহুভাষিক কবি সন্মিলন । জিলাখনৰ ন-পুৰণি ৫৬ গৰাকী কবিৰ কবিতা পাঠেৰে জীপাল কৰি তুলিলে ডিফুৰ ৰাংছিনা ভৱনৰ পৰিৱেশ ।

Advertisment

কাৰ্বি আংলং জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত পাৰি ৰংপিৰ স্মৃতিত আয়োজন কৰা বহুভাষিক কবি সন্মিলনখনৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে জিলা কবি সন্মিলনৰ সভাপতি ছাৰএত হাঞ্চে ।

ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে কাৰ্বি আংলং জিলা জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি ৰবীন গোস্বামীয়ে ।

প্ৰতিষ্ঠাপক সভাপতি গৰাকীৰ স্মৃতিত বহুভাষিক কবি সন্মিলন অনুষ্ঠিত কৰা হয় । সভাত সভাপতিত্ব কৰে জিলা কবি সন্মিলনৰ সভাপতি ছাৰএত হাঞ্চে । সভাখন উদ্ধোধন কৰে ধৰমছিং টেৰণে ।

কবি সন্মিলন
কবি সন্মিলন

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইন, সভাত বিশিষ্ট অতিথি হিচাপে কাৰ্বি লাম্মেত আমেই সভাপতি বাৰিম ইংতি উপস্থিত থাকে ।

তদুপৰি অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা, বহুভাষিক কবি সন্মিলনৰ পৰ্যবেক্ষক হিচাপে সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি উজ্জ্বল পাওগামে অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে । প্ৰয়াত পাৰি ৰংপিৰ পৰিয়ালবৰ্গোও সভা খনত উপস্থিত থাকে ।

সভাত বিশিষ্ট সাহিত্যিক মুক্তাৰাম কলিতাই 'হিৰজিৰ' আৰু প্ৰয়াত পাৰি ৰংপিৰ সোঁৱৰণত প্ৰকাশ কৰি উলিওৱা 'মিৰক্ৰেম' উন্মোচন কৰে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপিকা ড° মনালিছা ৰংপিয়ে ।

দেওবাৰে অনু্স্থিত অনুষ্ঠানটিৰ আৰম্ভণি পৰা শেষলৈকে আঁত ধৰে কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সম্পাদক বিদ্যাৰাম ছিংনাৰে ।

কবি সন্মিলন
কবি সন্মিলন

Also Read: মেৰাপানীৰ গড়বস্তিত নগাৰ আগ্ৰাসন...

diphu Poet's Conference