মেৰাপানীৰ গড়বস্তিত নগাৰ আগ্ৰাসন...

আগ্ৰাসী নগাই নামানে সীমান্তৰ স্থিতাৱস্থা বাহালৰ নীতি । অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীত নগাই অৱ্যাহত ৰাখিছে কৌশলী আগ্ৰাসন

author-image
Asomiya Pratidin
New Update
মেৰাপানীৰ গড়বস্তিত নগাৰ আগ্ৰাসন...

নগাৰ আগ্ৰাসন

ডিজিটেল সংবাদ, গোলাঘাটঃ আগ্ৰাসী নগাই নামানে সীমান্তৰ স্থিতাৱস্থা বাহালৰ নীতি । অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীত নগাই অৱ্যাহত ৰাখিছে কৌশলী আগ্ৰাসন ।

Advertisment

এইবাৰ মেৰাপানীৰ গড়বস্তি এলেকাৰ বিবাদমান ভূমি পোনপটীয়াকৈ হস্তগত কৰাৰ ফান্দ পাতিছে নগাই ।

গড়বস্তি গাঁৱৰ গোপাল গড়ৰ ভোগ দখলত থকা ১২ বিঘা কৃষিভূমিৰ লগতে ১০ বিঘা মাটিকালিৰ এটা টিলাৰ মালিকিস্বত্বক লৈ ২০১১ বৰ্ষতে সৃষ্টি হৈছিল ব্যাপক সংঘাতৰ ।

দীৰ্ঘদিনীয়া সংঘাতৰ পৰিণতিত পাছত অসম আৰু নাগালেণ্ডৰ প্ৰশাসনে মিমাংশা নোহোৱা পৰ্যন্ত কোনো পক্ষকে ভূমিখণ্ড ব্যৱহাৰত বাধা আৰোপ কৰিছিল ।

কিন্তু মাজত সুদীৰ্ঘ ১২ টা বছৰ উকলি যোৱাৰ পাছতো এই পৰ্য্যন্ত বিবদমান ভূমিখণ্ডক লৈ এক সমাধানসূত্ৰ উলিয়াব নোৱাৰিলে দোয়ো ৰাজ্যৰ প্ৰশাসনে । আৰু তাৰেই সুবিধা গ্ৰহণ কৰি নগাই কম বেছি পৰিমাণে বিবাদমান ভূমিখণ্ড প্ৰতিবছৰে বেদখল কৰি আছে ।

আগ্ৰাসন
আগ্ৰাসন

বৰ্তমান বিবাদমান ভূমিখণ্ডৰ অধিনৰ টিলাটোৰ গছ গছনি সমূহ কাটি তহিলং কৰাৰ লগতে কৃষিভূমি খণ্ডও বেদখলৰ ব্যাপক যোঁ-জা চলাইছে নগাই।

ইফালে সীমান্তত নিয়োজিত চিআৰপিএফ বাহিনীয়ে নগাক স্থিতাৱস্থা বাহাল ৰাখিবলৈ বাৰম্বাৰ নিৰ্দেশ দিয়াৰ পাছতো কেৰেপ কৰা নাই নগাই।

উল্লেখযোগ্য যে, প্ৰশাসনিক নিৰ্দেশনাৰ বাবে কৃষিভূমিখণ্ডৰ অধিকাৰ হেৰুৱাই গৰাকী গোপাল গড় ইতিমধ্যে কৰ্মৰ সন্ধানত তামিলনাডুত বাহৰ পাতি আছেগৈ ।

গোপাল গড়ৰ পৰিয়ালৰ লগতে গড়বস্তি বাসীয়ে সীমান্তৰ এই গুৰুত্বপূৰ্ণ সমস্যাটো অতি শীঘ্ৰে সমাধান কৰি নগাৰ আগ্ৰাসন ৰোধ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে।

Also Read: ৰাজ্যবাসীলৈ সুখবৰ, এছিয়ান ভাৰ উত্তোলনত পদক অৰ্জন লক্ষী ৰাজখোৱাৰ

Naga encroachment merapni