নিজম পৰিল লৰিংথেপিৰ কৃষি পথাৰ...

নিজম পৰিল লৰিংথেপিৰ কৃষি পথাৰ ৷ কাৰ্বি আংলং লৰিংথেপিৰ কৃষি পথাৰত চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হোৱা চমাংকান প্ৰথা মঙলবাৰে সফল সামৰণি পৰিছে । ১৫ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ আয়োজন কৰা হৈছিল এই অনুষ্ঠানৰ

author-image
Asomiya Pratidin
New Update
নিজম পৰিল লৰিংথেপিৰ কৃষি পথাৰ...

চমাংকান প্ৰথা

ডিজিটেল সংবাদ, কাৰ্বি আংলংঃ নিজম পৰিল লৰিংথেপিৰ কৃষি পথাৰ ৷ কাৰ্বি আংলং লৰিংথেপিৰ কৃষি পথাৰত চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হোৱা চমাংকান প্ৰথা মঙলবাৰে সফল সামৰণি পৰিছে । ১৫ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ আয়োজন কৰা হৈছিল এই অনুষ্ঠানৰ ৷

Advertisment

চমাংকান প্ৰথা হৈছে কাৰ্বিসকলে পৰম্পৰাগতভাবে পালন কৰি অহা এক প্ৰথা ৷ এই প্ৰথত মৃতকৰ শান্তি কামনা কৰি সমবহীয়াভাবে কাৰ্বি সমাজে পালন কৰে দহা বা শ্ৰাদ্ধ ৷ এই কেইদিনত লোকে লোকাৰণ্য হৈ পৰিল লৰিংথেপিৰ কৃষি পথাৰ ৷

ইপিনে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক অৱগত কৰি বিধায়ক দৰছিং ৰংহাঙে গভীৰ সন্তোষ্টি প্ৰকাশ কৰি কয় যে কাৰ্বি সকলৰ পৰম্পৰাগত চমাংকান প্ৰথা অৰ্থাৎ দহা বা শ্ৰাদ্ধ পালনৰ জৰিয়তে তেওঁ মৃতকৰ সকলৰ আত্মাৰ চিৰ শান্তি আৰু স্বৰ্গত স্থান পোৱাৰ বাবে উৎযাপন কৰা হয় ৷

লগতে বিধায়কগৰাকীয়ে কয় যে আৰু এই চাৰিদিনত ৰাইজৰ সহাৰি পোৱাকলৈ গভীৰ সুখ প্ৰকাশ কৰাৰ লগতে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ৷

Also Read: "কোনো মাফিয়াই উত্তৰ প্ৰদেশত উদ্যোগপতিক ভাবুকি দিব নোৱাৰে"

চমাংকান প্ৰথা