"কোনো মাফিয়াই উত্তৰ প্ৰদেশত উদ্যোগপতিক ভাবুকি দিব নোৱাৰে"

কোনো মাফিয়াই উত্তৰ প্ৰদেশত ব্যৱসায়ীসকলক ভাবুকি দিব নোৱাৰে ৷ এজন পেছাদাৰী অপৰাধী বা মাফিয়াই উদ্যোগপতিক ফোনযোগে ভাবুকি দিব আৰু নোৱাৰে ৷ এই মন্তব্য কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে

author-image
Asomiya Pratidin
New Update
"কোনো মাফিয়াই উত্তৰ প্ৰদেশত উদ্যোগপতিক ভাবুকি দিব নোৱাৰে"

মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ

ডিজিটেল ডেস্কঃ কোনো মাফিয়াই উত্তৰ প্ৰদেশত ব্যৱসায়ীসকলক ভাবুকি দিব নোৱাৰে ৷ এজন পেছাদাৰী অপৰাধী বা মাফিয়াই উদ্যোগপতিক ফোনযোগে ভাবুকি দিব আৰু নোৱাৰে ৷ এই মন্তব্য কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ৷

Advertisment

লগতে মুখ্যমন্ত্ৰীয়ে নিজৰ বাষনত কয় যে উত্তৰ প্ৰদেশ বুলিলেই সকলোৱে পূৰ্বে ভয় কৰিছিল ৷ ৰাজ্যখনৰ কিছুমান জিলাৰ নাম শুনিলেই মানুহে এটা সময়ত ভয় কৰিছিল ৷ এতিয়া ভয় কৰাৰ কোনো কাৰণ নাই বুলিও কয় আদিত্য নাথে ৷

মঙলবাৰে লক্ষ্ণৌ আৰু হাৰদোই জিলাত বস্ত্ৰ উদ্যান স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, এতিয়া, প্ৰধানমন্ত্ৰী মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল এণ্ড এপাৰেল (পিএম মিত্ৰ) আঁচনিৰ অধীনত টেক্সটাইল পাৰ্ক স্থাপন কৰা হৈছে ৷

এতিয়া ৰাজ্যখনত উদ্যোগ স্থাপনৰ ক্ষেত্ৰত সুন্দৰ পৰিৱেশ গঢ় লৈ উঠিছে ৷ লগতে তেওঁ পূৰ্বৰ অখিলেশ যাদৱ নেতৃত্বাধীন চৰকাৰক কটাক্ষ কৰি কয় যে ৰাজ্যখনত ২০১২ ৰ পৰা ২০১৭ চনৰ ভিতৰত ৭০০ তকৈও অধিক মাৰ-পিতৰ ঘটনা সংঘটিত হৈছে ।

ইয়াৰ বিপৰীতে ২০১৭ ৰ পৰা ২০২৩ চনৰ ভিতৰত উত্তৰ প্ৰদেশত এটাও এনে ঘটনা হোৱা নাই, তদুপৰি কোনোধৰণৰ কাৰফিউ জাৰি কৰা হোৱা নাই বুলিও উল্লেখ কৰে ৷

উল্লেখ্য যে শনিবাৰে প্ৰয়াগৰাজত চিকিৎসালয়লৈ নি থকাৰ অৱস্থাত দুই গেংষ্ঠাৰ ভাতৃদ্বয় আতিক আৰু আশ্ৰফক হত্যা কৰে ৷ এই ঘটনাৰ পিছতেই ৰাজ্যখনৰ বিৰুদী ৰাজনৈতিক নেতাসকলে তীব্ৰ সমালোচনা কৰিছিল যোগী চৰকাৰক ৷

Also Read: প্ৰথমগৰাকী ডক্টৰেট মুখ্যমন্ত্ৰী অসমৰ...

উত্তৰ প্ৰদেশ মাফিয়া উদ্যোগপতি