/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/7f42b1e8-d154-41f4-8d7b-c5f64eefc21b/RANGIA_22.jpg)
ৰঙিয়া মহকুমা চিভিল হাস্পতাললৈ অক্সিজেন চিলিণ্ডাৰ প্ৰদান...
ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ আজি জেচি আই ৰঙিয়া ৰয়েলছে অক্সিজেন গেছৰ চিলিণ্ডাৰ এটি প্ৰদান কৰে। সংস্থাটোৰ প্ৰতিষ্ঠাপক সভাপতি অংকুৰ আগৰৱালাৰ লগতে শোভা আগৰৱালা আৰু গৰিমা চিকাৰীয়া উপস্থিত থাকি ৰোগীসকলৰ সহায়ক হোৱাকৈ অক্সিজেন চিলিণ্ডাৰটি উপ-অধীক্ষক দিলীপ কুমাৰ বৈশ্যৰ হাতত অৰ্পন কৰে।
ইফালে জেচি আই ৰঙিয়া ৰয়েলছ কৰ্তৃপক্ষই গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লয় চিকিৎসালয়খনৰ কৰ্তৃপক্ষই।
Also Read: 'ৰয়েল আহমেদৰ মৃত্যুৰ খবৰে মোক বৰ দুখ দিলে'- ড০ হীৰেন গোঁহাই