ৰূকাছেন মহাবিদ্যালয়ত 'ৰাষ্ট্ৰীয় হিন্দী দিৱস'ৰ বৰ্ণিল কাৰ্যক্ৰমৰ সফল সামৰণি

'হিন্দী আমাৰ কেৱল হৃদয়ৰ ভাষাই নহয়, ই আমাৰ ৰাষ্ট্ৰীয় স্বাভিমান, আমাৰ সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতীক।'

author-image
Asomiya Pratidin
New Update
ৰূকাছেন মহাবিদ্যালয়ত 'ৰাষ্ট্ৰীয় হিন্দী দিৱস'ৰ বৰ্ণিল কাৰ্যক্ৰমৰ সফল সামৰণি

ডিজিটেল সংবাদ,হাওৰাঘাট : সমগ্ৰ দেশৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ বৃহত্তৰ বকলীয়াঘাটতো ৰাষ্ট্ৰীয় হিন্দী দিৱস পালন কৰা হৈছে । ১৪ ছেপ্তেম্বৰৰ দিনটো দেশজুৰি ৰাষ্ট্ৰীয় হিন্দী দিৱস হিচাপে পালন কৰা হয়।

Advertisment

সেয়ে বকলীয়াঘাটৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰূকাছেন মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় হিন্দী দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে এক বৰ্ণিল কাৰ্যক্ৰমণিকাৰে এই দিৱসৰ সফল সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়।

উল্লেখযোগ্য যে ৰূকাছেন মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ উদ্যোগত হিন্দী দিৱসৰ আয়োজন কৰা হয়। এই বৰ্ণাঢ্য কাৰ্যক্ৰম উপলক্ষে বুধবাৰে পুৱা স্নাতক কলা শাখাৰ পঞ্চম ষাণ্মাসিকৰ শিক্ষাৰ্থীসকলে সমবেত সংগীত পৰিৱেশনৰে আনুষ্ঠানিকভাৱে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানৰ কাৰ্যক্ৰম সম্পৰ্কে বিভাগীয় মুৰব্বী মুনমী গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰে। প্ৰসংগক্ৰমে গগৈয়ে কয়- 'হিন্দী আমাৰ কেৱল হৃদয়ৰ ভাষাই নহয়, ই আমাৰ ৰাষ্ট্ৰীয় স্বাভিমান, আমাৰ সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতীক।'

আনহাতে বিভাগীয় সহকাৰী অধ্যাপিকা শ্যামলী বৰাই হিন্দী দিৱসৰ এই বৰ্ণময় কাৰ্যসূচীত অংশ লৈ কয়- 'হিন্দী আমাৰ ৰাষ্ট্ৰীয় গৌৰৱ। সেয়েহে আমি হিন্দীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে হিন্দীৰ প্ৰয়োগ বঢ়োৱা উচিত।'

ইপিনে মুখ্য অতিথিৰ আসন অলংকৃত কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মিলন বণিকে। তেওঁ হিন্দী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি মননশীল বক্তব্য আগবঢ়ায়।

কাৰ্যসূচীৰে ৰজিতা খুৱাই বিভাগীয় শিক্ষাৰ্থীসকলৰ মাজত ঠাইতে লিখা কবিতা, চিত্ৰাংকন আৰু কবিতা আবৃত্তি আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Also Read: ন-সাজেৰে এছিয়ান গেমছলৈ ভাৰতীয় ক্ৰিকেট দল

Rukasen College national Hindi divas bakaliyaghat