/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/7892f7ae-c4ee-4551-9a0b-a00529b467ce/kaziranga_duty.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : মাজনিশা অৰণ্যৰ নিস্তব্ধতা ফালি অসমৰ স্বাভিমানৰ সুৰক্ষাৰ স্বাৰ্থত দায়িত্ব সম্পাদন কাজিৰঙাৰ কৰ্তব্যপৰায়ণ বনকৰ্মীৰ ৷ প্ৰচণ্ড শীতৰ গভীৰ নিশা কাজিৰঙাৰ ৰাজপথত একুৰা জুইক সাক্ষী কৰি কৰ্তব্য সম্পাদন কাজিৰঙাৰ বনকৰ্মীৰ ৷
প্ৰচণ্ড শীতৰ গভীৰ নিশা নিস্তব্ধ হৈ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণে থকা কাৰ্বি পাহাৰৰ পৰা কোনো দুস্কৃতিকাৰীয়ে যাতে কাজিৰঙাত প্ৰৱেশ কৰিৱ নোৱাৰে তাৰ বাবে দিনে নিশাই হালধীবাৰীত চলে বনকৰ্মীৰ পহৰা ৷ প্ৰচণ্ড শীতকো নেওচি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱকুলৰ সুৰক্ষাৰ স্বাৰ্থত ব্ৰতী হৈ আছে কাজিৰঙাৰ প্ৰকৃত যোদ্ধাস্বৰূপ বনকৰ্মীসকল ৷
অসমৰ স্বাভিমান ৰক্ষাৰ স্বাৰ্থত শীতৰ ডাঠ কুঁৱলী ফালি প্ৰতিটো নিশা এইদৰে ব্যস্ত হৈ থাকে কাজিৰঙাৰ বনকৰ্মী সকল৷ গঁড়কে ধৰি বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে নিশা এনেদৰেই কৰ্তব্যৰত এওঁলোক ব্যস্ত হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰে-ভিতৰে ৷ নূন্যতম দৰমহাৰ বিনিময়ত এওঁলোকে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সম্পাদন কৰি আহিছে নিজ কৰ্তব্য ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষে কাষে অস্থায়ী কেম্প প্ৰতিষ্ঠা কৰি পহৰা দিয়ে এইসকল বনকৰ্মীয়ে ৷ কাজিৰঙাৰ এইসকল বনকৰ্মীৰ বাবে পৃথিৱীৰ মানচিত্ৰত জ্বিলিকি আছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত বদ্ধপৰিকৰ তেওলোক ৷