হাওৰাঘাট তিনিআলিৰ কাৰককত পথ দুৰ্ঘটনাঃ মহিলা নিহত...

হাওৰাঘাট তিনিআলিৰ কাৰককত পথ দুৰ্ঘটনাঃ মহিলা নিহত...
হাওৰাঘাট তিনিআলিৰ কাৰককত পথ দুৰ্ঘটনাঃ মহিলা নিহত...

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বিআংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত উত্তৰ বড়বিল উপ-আৰক্ষী চকীৰ অধীনৰ হাওৰাঘাট তিনি আলি সমীপৰ কাৰকক'ত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাত এক অচিনাকি বাহনৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী মহিলা ।

জানিব পৰা মতে কাৰকক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো । তথ্য অনুসৰি মৃত মহিলাগৰাকী বকলীয়াঘাট ৰজাপথাৰৰ ৰণ বাহাদুৰ চেত্ৰীৰ পত্নী ৰেণুকা দৰ্জী (৪৫) বুলি জানিব পৰা গৈছে।

নিহত মহিলাগৰাকীৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ।

হাওৰাঘাট তিনিআলিৰ কাৰককত পথ দুৰ্ঘটনাঃ মহিলা নিহত...
ঢাকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত 'দ্যা লাষ্ট অনাৰ'...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in