ডিজিটেল ডেস্কঃ অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে আন এক ভাল খবৰ। ঢাকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে দ্যা লাষ্ট অনাৰ নামৰ চলিচ্চিত্ৰখন।
উল্লেখ্য যে, দ্যা লাষ্ট অনাৰ নামৰ অসমীয়া চলচ্চিত্ৰখনৰ পৰিচালক ৰজী বৰা। আনহাতে এই চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে মৃণাল কুটুবে।
এই চলচ্চিত্ৰখন ঢাকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ৱ'ৰ্ল্ড চিনেমা শিতানত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে। এই চলচ্চিত্ৰখনৰ কাহিনী সাংবাদিক, ঔপন্যাসিক জিতুমণি বৰাৰ।