কার্বি আংলঙত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন সন্দৰ্ভত পৰ্যালোচনা সভা

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে এখন বৈঠক অনুষ্ঠিত হয় ।

author-image
Asomiya Pratidin
New Update
কার্বি আংলঙত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন সন্দৰ্ভত পৰ্যালোচনা সভা

ডিজিটেল সংবাদ, কাৰ্বিআংলংঃ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত কার্বি আংলং জিলা আৰু পশ্চিম কাৰ্বিআংলঙৰ সাংসদ আৰু বিধায়কসকলৰ উপৰি কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য আৰু কার্যবাহী সদস্যসকল, জনস্বাস্থ্য কাৰিকৰী বিভাগ (PHED), জিলা জল আৰু স্বচ্ছতা অভিযান(DWSM)-ৰ সকলো বিষয়াই অংশ গ্ৰহণ কৰে ।

Advertisment

এই বৈঠকত কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদ এলেকাত জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানৰ আঁচনিসমূহ ৰূপায়নৰ বিতং খতিয়ান লোৱাৰ লগতে মন্ত্ৰী বৰুৱাই বৰ্তমানলৈ সম্পূর্ণভাৱে ৰূপায়ন নোহোৱাকৈ ৰৈ যোৱা আঁচনি আৰু পদক্ষেপসমূহৰ পর্যালোচনা কৰে । তদুপৰি এক নির্দিষ্ট সময়ৰ ভিতৰত কাম সম্পূর্ণ কৰাৰ নির্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।

উক্ত বৈঠক সন্দৰ্ভত মন্তব্য প্ৰদান কৰি মন্ত্ৰী বৰুৱাই কয় যে, "প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ জল জীৱন আঁচনি সফলভাৱে ৰূপায়নৰ ক্ষেত্ৰত আমাৰ চৰকাৰে তীব্ৰ গতিত কাম আগবঢ়াই নিছে । ২০২৪ চনৰ ভিতৰত প্ৰতিখন ঘৰতেই প্ৰতিদিনে ৫৫ লিটাৰ বিশুদ্ধ খোৱাপানী উপলব্ধ কৰিবলৈ আমি দায়বদ্ধ।" লগতে তেওঁ কয় যে, উক্ত বিষয়ত কাউন্সিলৰ বিষয়ববীয়াৰ পৰা আৰম্ভ কৰি সাংসদ, বিধায়ক তথা পি আন আৰ ডি আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জেষ্ঠ বিষয়াৰ লগত আজি আলোচনা কৰি খুব সোনকালে কাম সমূহ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হয়।"

ইয়াৰোপৰি এই বৈঠকত পানীৰ গুণাগুণ নিৰূপণ তথা আন আন যাৱতীয় বিষয়ৰ ওপৰত বিতং আলোচনা হোৱা বুলিও মন্ত্ৰী বৰুৱাই উল্লেখ কৰে। কাৰ্বিআংলং যিহেতু এখন পাহাৰীয়া আৰু স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা পৰিচালিত জিলা, তেনেক্ষেত্ৰত জিলা খনৰ প্ৰয়োজনীয়তা অনুসৰি কামবোৰ আগুৱাই নিয়াৰ ক্ষেত্ৰতো আজিৰ এই বৈঠকত আলোচনা কৰা হয় বুলিও মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে।

Also Read: মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত সত্ৰীয়া সংস্কৃতিৰ বিকাশক লৈ চুক্তি...

JAYANTA MALA BARUAH