মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত সত্ৰীয়া সংস্কৃতিৰ বিকাশক লৈ চুক্তি...

অসমৰ সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংবৰ্ধনৰ উদ্দেশ্য আগত ৰাখি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে বৃহস্পতিবাৰে দুখনকৈ বুজাবুজি চুক্তি কৰে ।

author-image
Asomiya Pratidin
New Update
মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত সত্ৰীয়া সংস্কৃতিৰ বিকাশক লৈ চুক্তি...

ডিজিটেল সংবাদ, মাজুলীঃ অসমৰ সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংবৰ্ধনৰ উদ্দেশ্য আগত ৰাখি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে বৃহস্পতিবাৰে দুখনকৈ বুজাবুজি চুক্তি কৰে । মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্টি সংঘ আৰু অসমৰ বিশিষ্ট মুখা শিল্পী তথা সত্ৰীয়া সাধক পদ্মশ্ৰী ড° হেমচন্দ্ৰ গোস্বামীৰ সৈতে এই বুজাবুজি চুক্তিত উপনীত হয় ।

Advertisment

গুৰুদুজনাৰ অনবদ্য অৱদান সত্ৰীয়া সংস্কৃতিৰ বিদ্যায়তনিক গৱেষণা আৰু পদ্ধতিগত অধ্যয়নৰ ক্ষেত্ৰত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতাৰ উদ্দেশ্যে মাজুলীৰ দুই অগ্ৰণী অনুস্থানৰ লগত বিশ্ববিদ্যালয়খনে বুজাবুজিৰ চুক্তিত উপনীত হয়। আজি বিশ্ববিদ্যালয়খনৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত সংশ্লিষ্ট কেওটা পক্ষৰ মাজত চুক্তি সম্পাদন কৰা হয়।

অনুষ্ঠানটিত আদৰণী ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° নিৰোদ বৰুৱাই মাজুলীৰ ঐতিহ্যপূৰ্ণ সত্ৰীয়া কৃষ্টি সংস্কৃতিৰ উত্তৰণৰ বাবে বিশ্ববিদ্যালয়খনৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰে । লগতে উপাচাৰ্যগৰাকীয়ে অনাগত দিনত সত্ৰীয়া সংস্কৃতিৰ প্ৰণালীবদ্ধ অধ্যয়ন আৰু গৱেষণাৰ বাবে বিশ্ববিদ্যালয়খনে কাম কৰি যাব বুলি উল্লেখ কৰে।

অনুষ্ঠানটোত উপস্থিত থাকি উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দনদেৱ গোস্বামীয়ে শুভেচ্ছামূলক ভাষণত বিশ্ববিদ্যালয়খনৰ এই প্ৰচেষ্টাৰ শলাগ লয় । লগতে ইয়াৰ জৰিয়তে মাজুলীৰ সত্ৰানুস্থান সমূহৰ পৰম্পৰাগত সংস্কৃতি সমূহৰ এক বিদ্যায়তনিক চৰ্চাৰ জৰিয়তে বিকশিত হ'ব বুলি মত পোষণ কৰে সত্ৰাধিকাৰগৰাকীয়ে।

বিশিষ্ট মুখা শিল্পী পদ্মশ্ৰী ড° হেমচন্দ্ৰ গোস্বামীয়ে অনুষ্ঠানটিত উপস্থিত থাকি মুখা শিল্পৰ বিদ্যায়তনিক চৰ্চাৰ বাবে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পদক্ষেপক আদৰণি জনায় । লগতে তেওঁ মাজুলীৰ মুখা শিল্পই এক নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হ'ব বুলি অভিহিত কৰে।

সহকাৰী গ্ৰন্থাগাৰিক শেখৰজ্যোতি নেওগে আঁত ধৰা অনুষ্ঠানটিত বক্তব্য প্ৰদান কৰে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° বিনোদ চন্দ্ৰ বৰা আৰু উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্টি সংঘৰ সম্পাদক তীৰ্থ ভূঞাই। অনুষ্ঠানটিত বিশ্ববিদ্যালয়খনৰ কেইবাগৰাকী বিষয়া, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু উত্তৰ কমলাবাৰী সত্ৰৰ কেইবা গৰাকী বৈষ্ণৱ উপস্থিত থাকে।

Also Read: গহপুৰত মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ...

treaty majuli