Advertisment

সোণাপুৰ মহাবিদ্যালয়ত উদ্যোমিতা উৎসৱ ২০২৪ আৰম্ভ

সোণাপুৰ মহাবিদ্যালয়ত উদ্যোমিতা উৎসৱ ২০২৪ আৰম্ভ

author-image
Asomiya Pratidin
New Update
সোণাপুৰ মহাবিদ্যালয়ত উদ্যোমিতা উৎসৱ ২০২৪ আৰম্ভ

ডিজিটেল ডেস্ক : সোণাপুৰ মহাবিদ্যালয়ত উদ্যোমিতা উৎসৱ ২০২৪ আৰাম্ভ কৰা হয়। মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান আৰম্ভ কৰা হৈছে। আই কিউ এ চি, আই আই চি সোণাপুৰ মহাবিদ্যালয়ৰ সহযোগত শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

Advertisment

উক্ত অনুষ্ঠানত অসমৰ ভালেকেইখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানটি আৰম্ভণিতে মহাবিদ্যালয়খনৰ সংগীতেৰে শুভাৰম্ভ কৰা হয়।

অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱব্ৰত খনিকৰে। ইয়াৰোপৰি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে অসম ষ্টৰ্ট-আপৰ পৰিচালন সঞ্চালক চিন্ময় ফুকনে।

বৰ্তমান সময়ত শিক্ষাৰ্থীসকলৰ মাজত উদ্যোমিতা বিকাশৰ জৰিয়তে স্বাৱলম্ৱী কৰাৰ লগতে আগন্তুক দিনত উদ্যোমিতাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আমন্ত্ৰিত অতিথিসকলে বক্তৃতা প্ৰদান কৰে। আনহাতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা কেইবাখনো বিপণী প্ৰদৰ্শন কৰা হয়।

Also Read: যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ আৰ্ট ফিল্ম 'নৰকাসুৰ'...

sonapur sonapur college