ডিজিটেল সংবাদ,হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ উদালিত ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ ৫ম বাৰ্ষিক অধিৱেশনখন ৬ মে' ত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে।এদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে ১ নং উদালি যুৱ সংঘৰ প্ৰাংগণত অনুষ্ঠিত হ'ব অধিৱেশনখন।
চূণপোৰা আৰু বকলীয়াঘাটত থকা থলুৱা জাতি জনগোষ্ঠীসমূহৰ মাজত কৃষ্টিৰ সমাহাৰ ঘটাই মহান সংস্কৃতিৰ পথাৰত ভাতৃত্ববোধ স্নেহৰ বান্ধোন, শান্তি আৰু প্ৰগতিৰ লক্ষ্যৰে সাংস্কৃতিক সন্মিলনৰ আয়োজন কৰা হৈছে বুলি ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ সম্পাদক থানুৰাম নাথে জানিবলৈ দিছে।
৬ মে'ৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ মূল পতাকা উত্তোলন কৰিব সভাপতি ভদ্ৰেশ্বৰ হাজৰিকাই। ইয়াৰ সমান্তৰালভাৱে পৃথকে পৃথকে বড়ো জনগোষ্ঠী,কাৰ্বি জনগোষ্ঠী,ডিমাছা জনগোষ্ঠী আৰু অসমীয়াৰ পতাকা উত্তোলন কৰিব ক্ৰমে হৰি নাৰ্জাৰী,কামছিং হাঞ্চে,যতীন ফংলছা আৰু প্ৰসেন ৰাজবংশীয়ে। ইয়াৰ পিছতে
পৰৱৰ্তি সময়ত স্মৃতি তৰ্পণ,বৃক্ষৰোপণ আৰু মঞ্চ মণ্ডপ উদ্বোধন কৰা হ'ব।ইয়াৰ পিছতে মুকলি সভা অনুষ্ঠিত কৰা হ'ব। ইয়াত সভাপতিত্ব কৰিব ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ সভাপতি ভদ্ৰেশ্বৰ হাজৰিকাই। সভা উদ্বোধন কৰিব সাহিত্য অকাডেমি বঁটা প্ৰাপক ড° প্ৰেমানন্দ মুছাহাৰীয়ে।
সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থকিব গুৱাহাটীৰ বিশিষ্ট লেখক ড° ছাইদুল ইছলাম,স্মৃতি গ্ৰন্থ উন্মোচন কৰিব ডবকাৰ অধ্যাপক ড° হাছিনুচ চুলতানে।সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব কাৰ্বি আংলং জিলা স্বায়ত্ত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেং।
Also Read: ৰায়বেৰলীত ৰাহুলঃ উপায়হীন স্বঘোষিত 'দৰিদ্ৰ চাণক্য' !