জনপ্ৰিয় নৃত্য শিক্ষক ধ্ৰুৱজ্যোতি চৰংচাৰ অকাল বিয়োগ...

এখন মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ধ্ৰুৱজ্যোতি চৰংচাৰ বৃহস্পতিবাৰে অকাল মৃত্যু হয়

author-image
Asomiya Pratidin
New Update
জনপ্ৰিয় নৃত্য শিক্ষক ধ্ৰুৱজ্যোতি চৰংচাৰ অকাল বিয়োগ...

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ ২ নং ৱাৰ্ডৰ জনপ্ৰিয় নৃত্যৰ শিক্ষক তথা লাংহিনৰ ওচৰৰ এখন মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ধ্ৰুৱজ্যোতি চৰংচাৰ বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে অকাল মৃত্যু হয় । দিল্লী আৰু মুম্বাইৰ দৰে ঠাইৰ পৰা নৃত্যৰ প্ৰশিক্ষণ লৈ আহি কাৰ্বি আংলঙৰ হাওৰাঘাট নগৰত ' ডেঞ্চ অন ডেঞ্চ ষ্টুডিঅ' নামেৰে এখন নৃত্য বিদ্যালয় খুলি সুন্দৰভাৱে চলাই নিয়াৰ উপৰিও বকলীয়া ঘাটতো নৃত্য শিকাইছিল তেওঁ ।

Advertisment

হাওৰাঘাট আৰু বকলীয়াঘাট অঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰীক নৃত্যৰ প্ৰশিক্ষণ দি ধ্ৰুৱজ্যোতিয়ে অসমৰ বাহিৰৰ বহু ঠাইতো নৃত্যৰ অডিচন দিবলৈ লৈ গৈছিল । তেওঁ নিজেও অসমৰ বাহিৰত নৃত্যৰ অডিচন দিবলৈ গৈ সফলতাও অৰ্জন কৰিছিল ।

আনহাতে পিতৃহাৰা একমাত্ৰ ভনীয়েক আৰু মাতৃক লগত লৈ লাংহিনৰ ওচৰৰ এখন মধ্য ইংৰাজী বিদ্যালয়ত বিজ্ঞানৰ শিক্ষকৰূপে কৰ্মজীৱন পালন কৰি অহা ধ্ৰুৱজ্যোতি আছিল সকলোৰে মাজত জনপ্ৰিয় ।গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত জটিল ৰোগত আক্ৰান্ত হৈ কেইবাদিনো ধৰি আই চি উ ত থকাৰ পিছত আজি তেওঁ অকাল বিয়োগ ঘটে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৩১ বছৰ । শিক্ষকগৰাকীৰ মৃত্যুৰ পিছতেই বিভিন্ন দল সংগঠনে মৃতকৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ।

Also Read: অম্বুবাচী মেলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ...

young boy death