ফুলনি নগৰৰ সমীপৰ বাছ আস্থানত উদ্ধাৰ মৃতদেহ

কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰ অন্তৰ্গত ফুলনি নগৰৰ সমীপৰ বাছ আস্থানত উদ্ধাৰ কৰা হয় এটা মৃতদেহ।

author-image
Asomiya Pratidin
New Update
ফুলনি নগৰৰ সমীপৰ বাছ আস্থানত উদ্ধাৰ মৃতদেহ

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰ অন্তৰ্গত ফুলনি নগৰৰ সমীপৰ বাছ আস্থানত উদ্ধাৰ কৰা হয় এটা মৃতদেহ। জানিব পৰা মতে ফুলনি নগৰৰ নিকতৱৰ্তী অঞ্চল শিমলুআটিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা বাছ আস্থানত শুই থকা অৱস্থাত ডকমকাৰ ধনীৰাম ৰংফাৰ (৫৫) নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

Advertisment

ঘটনাৰ খবৰ পাই উক্ত স্থানত উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে। শুই থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Also Read: হাত দঙাৰ প্ৰতিযোগিতাঃ ১৬০০ টকা লৈ ৰঙাঘৰৰ আলহী হ'ল চৰকাৰী কৰ্মচাৰী

Assam police