হাত দঙাৰ প্ৰতিযোগিতাঃ ১৬০০ টকা লৈ ৰঙাঘৰৰ আলহী হ'ল চৰকাৰী কৰ্মচাৰী

হাত দঙাৰ প্ৰতিযোগিতাঃ ১৬০০ টকা লৈ ৰঙাঘৰৰ আলহী হ'ল চৰকাৰী কৰ্মচাৰী

ডিজিটেল ডেস্কঃ ৰাজ্যত এজনৰ পাছত আন এজন চৰকাৰী কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে। ১৬০০ টকা উৎকোচ লৈ এইবাৰ ৰঙাঘৰৰ আলহী হ'ল আন এজন চৰকাৰী কৰ্মচাৰী। বঙাইগাঁও জিলাৰ বৰজান হাইস্কুলৰ উচ্চ বৰ্গৰ কৰ্মচাৰী আবাদত আলী আহমেদে ১৬০০ টকা উৎকোচ বিচাৰি দুৰ্নীতি নিবাৰক শাখাৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছে।

ঘটনা অনুসৰি আবাদত আলী আহমেদে এনপিএছ একাউণ্ট স্থানান্তৰ কৰা প্ৰক্ৰিয়াকৰণ বাবদ অভিযোগকাৰী এগৰাকী শিক্ষয়ত্ৰীৰ পৰা ১৭০০ টকা দাবী কৰে। অভিযোগকাৰীয়ে এই উৎকোচ দিবলৈ অমান্তি হোৱাত ১৬০০ টকালৈ হ্ৰাস কৰে উৎকোচৰ পৰিমাণ। ইয়াৰ পাছতেই উৎকোচৰ দাবী কৰা আবাদত আলী আহমেদৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ বাবে সঞ্চালকালয়ৰ কাষ চাপে ভুক্তভোগীগৰাকীয়ে।

ঘটনাৰ পম খেদি পৰিকল্পিত ভাবে বুধবাৰে বঙাইগাঁও জিলাৰ অন্তৰ্গত অভয়াপুৰী চহৰত দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ এটা দলে অভিযোগকাৰীক চহৰখনৰ জি এছ ৰোডস্থিত মা কালী হোটেলত ১৬০০ টকা দিবলৈ ৰাজি হয় আৰু হাতে-লুটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে। এই সন্দৰ্ভত, দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৪৪ (২০১৮ চনত সংশোধন কৰা অনুসৰি) ধাৰা ৭(ক)ৰ অধীনত ০৯/0০৮/২০২৩ তাৰিখে এচিবি পি.এছ. গোচৰ নং ৫৮/২০২৩ত এচিবি আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।

হাত দঙাৰ প্ৰতিযোগিতাঃ ১৬০০ টকা লৈ ৰঙাঘৰৰ আলহী হ'ল চৰকাৰী কৰ্মচাৰী
লেহেমীয়া গতিত পথ নিৰ্মাণৰ পৰিণতিঃ দেৰগাঁৱৰ ৰাজপথত দৈনিক সংঘটিত দুৰ্ঘটনা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in