পশ্চিম কাৰ্বি আংলংঙৰ বৈঠালাংছ'ত কৃষকৰ মাজত এদিনীয়া প্ৰশিক্ষণ শিবিৰ সম্পন্ন...

কৃষি বিভাগৰ সৌজন্যত সম্পন্ন এই এদিনীয়া প্ৰশিক্ষণ শিবিৰ
পশ্চিম কাৰ্বি আংলংঙৰ বৈঠালাংছ'ত কৃষকৰ মাজত এদিনীয়া প্ৰশিক্ষণ শিবিৰ সম্পন্ন...
পশ্চিম কাৰ্বি আংলংঙৰ বৈঠালাংছ'ত কৃষকৰ মাজত এদিনীয়া প্ৰশিক্ষণ শিবিৰ সম্পন্ন...

ডিজিটেল সংবাদ হাওৰাঘাটঃ পশ্চিম কাৰ্বি আংলং জিলাৰ খেতিয়কসকলক খেতি কৰাৰ সুবিধা প্ৰদানৰ উদ্দেশ্য বৈঠালাংছ'ৰ সহকাৰী কৃষি বিভাগৰ উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে খেতিয়ক সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ প্ৰশিক্ষণত উপস্থিত থকা সমল ব্যক্তি তথা কৃষি বিভাগৰ বিষয়াসকলে খেতি কৰাৰ পদ্ধতিৰ লগতে চৰকাৰৰ পৰা সুবিধা পাবলগীয়া আঁচনিসমূহৰ ব্যাখ্যা আগবঢ়ায় ৷

পি এম কিষাণ, কিষাণ ক্ৰেডিত কাৰ্ড, কৃষি বিমা আদি সন্দৰ্ভত ৰাইজক অৱগত কৰে কৃষি বিভাগৰ বিষয়াসকলে ৷ সমান্তৰালভাৱে কৃষি বিষয়াসকলে খেতিয়কসকলে পাবলগীয়া সুবিধাসমূহৰ বিষয়েও বহলভাৱে ব্যাখ্যা আগবঢ়ায় ৷

তদুপৰি মীন পালনৰ সন্দৰ্ভত মীনবিভাগৰ বিষয়াসকলেও মাছ পালৰ সন্দৰ্ভত ৰাইজক প্ৰশিক্ষণ প্ৰদান কৰে ৷ আজি কাৰ্য্যসূচীত সফলভাৱে ৰূপায়ণৰ সহায় কৰে বৈঠালাংছ' কৃষিবিভাগৰ অভিযন্তা কেন্দ্ৰচিং থাউচেনে ।

প্ৰশিক্ষণৰ কাৰ্যসূচীত উপস্থিত থাকি কৃষকসকল উপকৃত হোৱাকৈ মূল্যবান পৰামৰ্শ আগবঢ়ায় পশ্চিম কাৰ্বি আংলংঙৰ হামৰেণ কৃষি বিভাগৰ বিষয়া বিশ্বজিত ৰংপীয়ে ৷ ডিফু কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা হিৰেন বৰোৰ লগতে হামৰেণৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া মন্টু শইকীয়া আৰু মীন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷

সভাত শতাধিক খেতিয়কসকলে এদিনীয়া প্ৰশিক্ষণত উপস্থিত থাকে ৷ প্ৰশিক্ষণ দিয়াৰ পিছত সকলো উপস্থিত খেতিয়কক প্ৰমানপত্ৰৰ লগতে কৃষি বিভাগৰ সা-সৰঞ্জামসমূহ প্ৰদান কৰে বিভাগৰ তৰফৰ পৰা ৷

পশ্চিম কাৰ্বি আংলংঙৰ বৈঠালাংছ'ত কৃষকৰ মাজত এদিনীয়া প্ৰশিক্ষণ শিবিৰ সম্পন্ন...
দুগৰাকীকৈ ছাত্ৰীক নিৰ্যাতন চলাই নিলম্বিত চিকিৎসক ডাঃ তীৰ্থ দ্যুতি চৌধুৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in