দুগৰাকীকৈ ছাত্ৰীক নিৰ্যাতন চলাই নিলম্বিত চিকিৎসক ডাঃ তীৰ্থ দ্যুতি চৌধুৰী...

এক নিৰ্দেশনাৰ জৰিয়তে নিলিম্বন চিকিৎসক চৌধুৰীক

author-image
Asomiya Pratidin
New Update
দুগৰাকীকৈ ছাত্ৰীক নিৰ্যাতন চলাই নিলম্বিত চিকিৎসক ডাঃ তীৰ্থ দ্যুতি চৌধুৰী...

দুগৰাকীকৈ ছাত্ৰীক নিৰ্যাতন চলাই নিলম্বিত চিকিৎসক ডাঃ তীৰ্থ দ্যুতি চৌধুৰী...

ডিজিটেল সংবাদ নগাওঁঃ দুগৰাকীকৈ ছাত্ৰীক যৌন নিৰ্যাতন চলাই নিলম্বিত হ'ল অসম হোমিঅ'পেথিক মেডিকেল কলেজ আৰু হাস্পতাল, নগাওঁৰ চিকিৎসক ডাঃ তীৰ্থ দ্যুতি চৌধুৰী। অসম চৰকাৰৰ স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগে No. MER.451122/182 পত্ৰৰ জৰিয়তে চিকিৎসক চৌধুৰীক ৰাজ্যপালে নিলম্বন কৰাৰ বিষয়ে উল্লেখ কৰিছে।

Advertisment

পত্ৰখনত উল্লেখ থকা অনুসৰি ডাঃ চৌধুৰীৰ বিৰুদ্ধে দুগৰাকীকৈ ছাত্ৰীয়ে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগৰ পাছতে প্ৰাৰম্ভিক তদন্তৰ বাবে এক কমিচনো গঠন কৰা হৈছিল।

বিষয়টোৰ সন্দৰ্ভত কমিচনে ডাঃ চৌধুৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী কৰিছিল যদিও তেওঁ সেই জাননী লাভ কৰিও তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰিব পৰাকৈ কোনো কাৰণ দেখুৱাব নোৱাৰিলে। আনহাতে আয়ুষ সঞ্চালকৰ প্ৰতিবেদনতো তেওঁ সংঘটিত কৰা অপৰাধ সম্পৰ্কে অধিক স্পষ্ট হয়।

ছাত্ৰীক নিৰ্যাতন চলোৱা ঘটনাৰ সন্দৰ্ভত এক অপৰাধ মূলক গোচৰো চলি আছে ডাঃ চৌধুৰীৰ বিৰুদ্ধে। যাৰ বাবে অসম সেৱা অনুশাসন আৰু আপীল নিয়ম ১৯৬৪ৰ নিয়মৰ ৬-ৰ উপ-নিয়ম (১) (গ) অনুসৰি চৰকাৰী কৰ্মচাৰীক নিলম্বনৰ এক উপযুক্ত ভিত্তি।

পত্ৰখনত এই কথাও উল্লেখ আছে যে, এনেধৰণৰ কাৰ্যকলাপ ৰাজ্য চৰকাৰৰ বাবে যথেষ্ট অস্বস্তিকৰ আৰু এই কাৰ্যই শৈক্ষিক প্ৰতিষ্ঠানখনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে। সেয়ে ডাঃ তীৰ্থ দ্যুতি চৌধুৰীৰ এনে অসদাচৰণৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে।

উল্লেখ্য যে, ডাঃ তীৰ্থ দ্যুতি চৌধুৰী নগাওঁ অসম হোমিঅ' পেথিক কলেজত কৰ্মৰত যদিও এই কলেজখন গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্বহীদ যাদৱ নাথ হোমিঅ'পেথিক কলেজ আৰু হাস্পতালৰ সৈতে যোৱা বছৰ চামিল কৰা হৈছে। কলেজখনৰ তেওঁ অৰ্গেন অব মেডিচিন বিভাগৰ ৰীডাৰ হিচাপে কৰ্মৰত।

Also Read: অসম কৃষি বিশ্ববিদ্যালয়ত প্রাকৃতিক কৃষিৰ তিনিদিনীয়া প্ৰশিক্ষণৰ সামৰণি...

শিক্ষা বিভাগ অসম চৰকাৰ