অৱশেষত মুকলি আকাশৰ তললৈ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন CEM মোহিত হোজাই

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ মোহিত হোজাই। জামিন মঞ্জুৰৰ পিছত জে’লৰ পৰা শুকুৰবাৰে ওলাই আহিল মোহিত হোজাই।

author-image
Asomiya Pratidin
New Update
অৱশেষত মুকলি আকাশৰ তললৈ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন CEM  মোহিত হোজাই

ডিজিটেল ডেস্কঃ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ মোহিত হোজাই। জামিন মঞ্জুৰৰ পিছত জে’লৰ পৰা শুকুৰবাৰে ওলাই আহিল মোহিত হোজাই।

২০১৭ৰ ২২ মে’ত NIAৰ বিশেষ আদালতে শাস্তি প্রদান কৰিছিল হোজাইক। পৰৱৰ্তী পৰ্যায়ত NIAৰ আদালতত চলিছিল গোচৰটো। উন্নয়ন পুঁজিৰ ধন উগ্রপন্থীলৈ হস্তান্তৰৰ অপৰাধত গ্রেপ্তাৰ হৈছিল হোজাই।

১কোটি টকাসহ আৰক্ষীৰ জালত পৰিছিল মোহিত হোজাই। দিছপুৰ আৰক্ষীয়ে ডিমা হাছাওৰ পৰা গ্রেপ্তাৰ কৰিছিল তেওঁক।

সেই সময়ত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ CEM আছিল মোহিত হোজাই। তেওঁৰ লগতে DHD নেতা নিৰঞ্জন হোজাই, জুৱেল গাৰ্লোছাও পৰিছিল আৰক্ষীৰ জালত। ইতিমধ্যে জামিনত মুক্তি লাভ কৰিছে দুয়োগৰাকীয়ে।

Also Read: অখিল গগৈয়ে কেৱল টকা আৰু নিজৰ স্বাৰ্থৰ বাবেহে আন্দোলন কৰেঃ কুৰ্মী

mohit hojai