অখিল গগৈয়ে কেৱল টকা আৰু নিজৰ স্বাৰ্থৰ বাবেহে আন্দোলন কৰেঃ কুৰ্মী

অখিল গগৈয়ে কেৱল টকা আৰু নিজৰ স্বাৰ্থৰ বাবেহে আন্দোলন কৰেঃ কুৰ্মী

author-image
Asomiya Pratidin
New Update
অখিল গগৈয়ে কেৱল টকা আৰু নিজৰ স্বাৰ্থৰ বাবেহে আন্দোলন কৰেঃ কুৰ্মী

ডিজিটেল সংবাদ, ওৰাংঃ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে খঙত টিঙিৰিতুলা বিধায়ক ৰূপজ্যোতি কুৰ্মী। অখিল গগৈয়ে ওস্তাদি মাৰিলেও কাম নহ'ব। ৰাইজক ঠগি-মেলি ৰাজনীতি কৰিলে কাম নহ'ব এতিয়াৰ যুগত। মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ধনশ্ৰী মণ্ডল বিজেপিৰ দলীয় সভাত পুনৰ এইদৰে সৰৱ হ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মী।

Advertisment

যেতিয়ালৈকে টকা পোৱা নাছিল তেতিয়ালৈকে নদী বান্ধৰ বিৰুদ্ধে আন্দোলন কৰিছিল অখিল গগৈয়ে। টকা পোৱাৰ পিছত নদী বান্ধৰ আন্দোলন বন্ধ কৰাৰ বিস্ফোৰক অভিযোগ ৰূপজ্যোতি কুৰ্মীৰ। সমান্তৰালকৈ ২০১৫ চনত কৃষকক লৈ অনুৰূপ আন্দোলন কৰিছিল অখিল গগৈয়ে।

কাজিৰঙাৰ অৰ্কিড উদ্যানৰ বাবে মাটিৰ আৱন্টন লাভ কৰি সেই আন্দোলনো বন্ধ কৰাৰ অভিযোগ। অখিল গগৈয়ে কেৱল মাত্ৰ টকা আৰু নিজৰ স্বাৰ্থৰ বাবেহে আন্দোলন কৰাৰ অভিযোগ ৰূপজ্যোতি কুৰ্মীৰ। ইফালে লোকসভালৈ মন মেলা লুৰিণজ্যোতি গগৈক লৈও প্ৰতিক্ৰিয়া কুৰ্মীৰ। আকাশত চাং পতাৰ দৰে সপোন চাই আছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

গতিকে তলত খুটা নলগোৱাকে সপোন চাই লাভ নাই আৰু তিনি গগৈ মিলিলেও বিজেপিৰ একো ক্ষতি নহয় বুলি কটাক্ষ বিধায়ক গৰাকীৰ। মুঠতে ওদালগুৰিৰ মাজবাট সমষ্টিত চাৰি দিনে বাহৰ পাতি অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় ৰূপজ্যোতি কুৰ্মীয়ে।

আনহাতে মিঞাৰ ভোট নাগালে বুলি মুখ্যমন্ত্ৰী কৰা মন্তব্যৰো বাখ্যা দিলে ৰূপজ্যোতি কুৰ্মীয়ে। আচলতে মুখ্যমন্ত্ৰীয়ে মিঞাঁৰ ভোট নালাগে বুলি মনে-প্ৰাণে কোৱা নাই! আৱেগিক হৈ হে কৈছিল। জেহাদী প্ৰসংগ বিলাক অহাৰ বাবে মনত আঘাত পাই আৱেগিক হৈ কৈছিল।

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ দিনত সৰ্বস্তৰৰ ৰাইজৰ উন্নয়ন হৈছে। সংখ্যালঘু,সংখ্যাগুৰু সকলোৱে সমানে আঁচনি সমূহ পাইছে আৰু শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। যাৰ বাবে সংখ্যালঘু লোক সকলো বিজেপিৰ প্ৰতি আকৰ্ষিত হৈ দলত যোগদান কৰি আছে।

Also Read: সন্তানসহ ৩০ ফুট তলত পৰিল গৰ্ভৱতী মহিলা, ওৰে নিশা মৃতদেহৰ ওচৰত বহি থাকিল ৪ বছৰীয়া শিশু

LURIN JYOTI GOGOI akhil gogoi