/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/da5dd847-133c-424f-9d55-a7f2a8ece1a9/258.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলা স্বায়ত্ত পৰিষদৰ অন্তৰ্গত চচেং ধেণ্টা পৰিষদীয় সমষ্টিৰ আংজক লালুং গাঁৱত অনুষ্ঠিত হয় তিৱা জাতীয় সংগঠনৰ এক সভা। সভাত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাচলাই আৰু পৰিষদৰ তথা ছচেং ধেন্টা সমষ্টিৰ সদস্যা কাছে ৰংপিপী।
তিৱা জাতীয় সংগঠনৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটোত উপস্থিত থাকে তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লালচিং মদাৰ,সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক নিবন আমছি,চেন্টাৰ ফৰ তিৱা ষ্টাদিছৰ ডাইৰেক্টৰ মানস বৰদলৈ,সাহিত্য অকাডেমি ভাষা সন্মানপ্ৰাপক হৰচিং খলাৰ সহিতে সংগঠনৰ বিষয়ববীয়াসকল। তিৱা সাংস্কৃতিক সমাজ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি কুমুদ মিথি আৰু তিৱা সাহিত্য সভা জিলা সমিতিৰ সম্পাদক জনাৰ্দন পাটৰ মছৰঙে আঁত ধৰা অনুষ্ঠানটোত অঞ্চলটোৰ দুই শতাধিক ৰাইজ উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/698f06f9-5ae7-4fb0-92bc-ad0b4b8d8168/8c8cb9ca_9d77_438b_81fd_68246ec1fee7.jpg)
উক্ত অনুষ্ঠানত তিৱা সাংস্কৃতিক সমাজ লাংহিন চেলাবৰ শাখাৰ দলৰ দ্বাৰা পৰম্পৰাগত তিৱা নৃত্য প্ৰদৰ্শন কৰা হয়। পৰম্পৰাগত তিৱা নৃত্যই উপস্থিত ৰাইজক আমোদ দিয়ে।
Also Read: টিহু লেখিকা সমাৰোহ সমিতিৰ ৰূপালী জয়ন্তী উৎসৱৰ শুভাৰম্ভ