কাৰ্বি আংলঙত স্কুল ইউনিফৰ্মৰ নামত ব্যাপক খেলিমেলিঃ শিক্ষকক মাৰোৱাৰী বনিয়াৰ ভাবুকি...

ঠিকাদাৰ জীটেশ আগৰৱালাই প্ৰধান শিক্ষকক ভাবুকি দিয়াৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
কাৰ্বি আংলঙত স্কুল ইউনিফৰ্মৰ নামত ব্যাপক খেলিমেলিঃ শিক্ষকক মাৰোৱাৰী বনিয়াৰ ভাবুকি...

কাৰ্বি আংলঙত স্কুল ইউনিফৰ্মৰ নামত ব্যাপক খেলিমেলিঃ শিক্ষকক মাৰোৱাৰী বনিয়াৰ ভাবুকি...

ডিজিটেল সংবাদ ডিফু: অসমৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলং জিলাত ২০২৩ আৰু ২০২৪ বৰ্ষৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণী লৈকে স্কুল ইউনিফৰ্মৰ ধন মোকলাই দিছে। সমগ্ৰ শিক্ষাৰ সঞ্চালক ঔম প্ৰকাশে ইউনিফৰ্ম যোগানৰ নামত শিক্ষা বিভাগৰ কোনো ধৰণৰ বিষয়া কৰ্মচাৰী হস্তক্ষেপ নকৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল।

Advertisment

প্ৰতিখন জিলাৰ শিক্ষা বিভাগৰ সৈতে ঘনেঘনে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে উন্নত মানদণ্ডৰ ইউনিফৰ্মৰ কাপোৰ যোগান ধৰা, প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে কাপোৰ লাভ কৰিছে নে নাই তাক তদাৰক কৰাৰ নিৰ্দেশ দিছিল। নিয়ম অনুসৰি প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে ইউনিফৰ্ম নিজে ক্ৰয় কৰা বা কোনো প্ৰতিষ্ঠানক নিবিদা দিয়াৰ স্বাধীনতা আছে।

ইউনিফ্ৰম বিদ্যালয়ত প্ৰদান কৰাৰ ক্ষেত্ৰত সমগ্ৰ শিক্ষাই ৰাজনীতি প্ৰভাৱমুক্ত বুলি দাবী কৰাৰ বিপৰীত কাৰ্বি আংলঙত এখন বিপৰীত ছবিহে দেখা পোৱা গৈছে। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যাবাহী সদস্যৰ চীল মোহৰ থকা এখন চিঠি প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক প্ৰেৰণ কৰি ভয় ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

জীটেশ আগৰৱালা নামৰ ঠিকাদাৰজনে ৭০০২১৮১৮৮২ নম্বৰৰে ফোন কৰি প্ৰধান শিক্ষকসকলক বিভিন্ন অশ্ৰাব্য শব্দৰে ভাবুকি দি ভীতিগ্ৰস্ত কৰি তোলাৰ অভিযোগ প্ৰধান শিক্ষকসকলৰ। জানিব মতে এই জাগীৰোড ক্লথ স্টোৰ মুল স্বত্বাধিকাৰী যোগেশ আগৰৱালা।

পাৰ্বত্য জিলাখনত প্ৰতিবছৰে বেলেগ বেলেগ প্ৰতিষ্ঠানৰ নাম সলনি কৰি এই বনিয়া গোষ্ঠীটোৱে ইউনিফৰ্ম, চলাৰ লাইট, পুথি ভঁৰালৰ সামগ্ৰী, খেল ধেমালিৰ সামগ্ৰী আদি যোগান ধৰি আহিছে। একাংশ প্ৰধান শিক্ষকে অভিযোগ কৰা মতে বিগত সময়ত এই বনিয়া গোষ্ঠীসকলে অতি নিম্ন মানৰ কাপোৰ প্ৰদান কৰাৰ লগতে কোনো ধৰণৰ জোখ মাপ নকৰাকৈ কাপোৰ দি আহিছে।

লগতে দুযোৰ কাপোৰৰ পৰিবৰ্তে এযোৰ কাপোৰ কম দিয়াৰ অভিযোগ আছে। খেল-ধেমালিৰ যোগান ধৰা সামগ্ৰীসমূহ অতি নিম্নমানদণ্ডৰ। যাৰফলত পাৰ্বত্য জিলাখনৰ অতি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰৰ অভিলাষী আঁচনিৰ পৰা বঞ্চিত হ'ব লগা হৈছে।

ইয়াৰোপৰি সামগ্ৰী নিদিয়াকৈ প্ৰধান শিক্ষকক চেক দিবলৈ ভাবুকি দিয়া আদিৰ দৰে আছে এশ এবুৰি অভিযোগ। বনিয়া গোষ্ঠীটোৱে নিজকে শাসকীয় দলৰ আশীষ থকা বুলি দম্ভালি মৰা, কাৰ্যবাহী সদস্যৰ অনুমোদন থকা বুলি প্ৰধান শিক্ষকসকলক শাস্তিমূলক বদলি কৰা, চাকৰি বৰ্খাস্ত কৰা আদি ভাবুকি দিয়া এই গোষ্ঠীটোক নাকী লগাব কোনে?

ইতিমধ্যে জানিব পৰামতে একাংশ প্ৰধান শিক্ষকে নিজৰ চাকৰি ৰক্ষাৰ স্বাৰ্থত নিজৰ পচন্দৰ ঠিকাদাৰক দিয়া নিবিদা কৰ্তন কৰি বনিয়া গোষ্ঠীক দিবলৈ বাধ্য হৈছে।লক্ষণীয় যে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ শিক্ষা বিভাগে এই বিষয়ত নিমাত কিয় সেয়াও লক্ষণীয় বিষয়।

Also Read: গোলাঘাটত মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে প্ৰতিবাদ অংগনবাড়ী কৰ্মী, সহায়িকাৰ

স্কুল ইউনিফৰ্ম