গোলাঘাটত মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে প্ৰতিবাদ অংগনবাড়ী কৰ্মী, সহায়িকাৰ

অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননী ১২৫০০ টকালৈ বৃদ্ধি কৰাৰ দাবী

author-image
Asomiya Pratidin
New Update
গোলাঘাটত মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে প্ৰতিবাদ অংগনবাড়ী কৰ্মী, সহায়িকাৰ

গোলাঘাটত মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে প্ৰতিবাদ অংগনবাড়ী কৰ্মী সহায়িকাৰ

ডিজিটেল সংবাদ গোলাঘাট: গোলাঘাটত মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে আজি জাঙুৰ খাই উঠিল পাচ শতাধিক অংগনবাড়ী কৰ্মী - সহায়িকা। নিজৰ প্ৰাপ্য বিচাৰি ৰাজপথলৈ ওলাই অহা এই অংগনবাড়ী কৰ্মী-সহায়িকা সকলে "অজন্তা নেওগ মুৰ্দাবাদ"ধ্বনি দি গোলাঘাটৰ আকাশ বতাহ উত্তাল কৰি তোলে।

Advertisment

অংগনবাড়ী কৰ্মী- সহায়িকাসকলৰ মাননী ১২৫০০ টকালৈ বৃদ্ধি কৰাৰ লগতে অন্যান্য চৰকাৰী সুবিধা প্ৰদানৰ দাবীত শ শ প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ,ফেষ্টুন লৈ ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত ক্ষোভেৰে কয় যে, আমাৰ বিধায়িকা অজন্তা নেওগ নিজে ৰাজ্যৰ বিত্ত মন্ত্ৰীৰ লগতে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী হৈয়ো নিজ বিভাগৰ অংগনৱাড়ী কৰ্মী, সহায়িকাসকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছে।

আনকি সদ্যসমাপ্ত বাজেট অধিবেশনতো অংগনৱাড়ী কৰ্মী, সহায়িকাসকলৰ প্ৰতি তেওঁ কোনো গুৰুত্ব আৰোপ নকৰিলে বুলিও নেতৃত্বই লগতে মন্তব্য কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ পাছত প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তৰ যোগেদি ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী লৈ এখনি স্মাৰক পত্ৰও প্ৰদান কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ গোলাঘাট জিলা সমিতিৰ সভানেত্ৰী দুলুমণি শইকীয়া আৰু সম্পাদিকাদ্বয় জুনু বৰা চুতীয়া আৰু প্ৰণামিকা গোহাঁই বৰাই।

Also Read: চিলাপথাৰত ধেমাজি জিলা আছুৰ CAA ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কথা ঘোষণা

প্ৰতিবাদ অংগনবাড়ী