লোকে লোকাৰণ্য পৰিৱেশ চমাংকানস্থলিত...

কাৰ্বি আংলং জিলাৰ চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে চাংকান প্ৰথা ৷ জিলাখনৰ লৰিংথেপিৰ কৃষি পথাৰত ১৫ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা অনুস্থানে সোমবাৰে তিনিটা দিন অতিক্ৰম কৰিছে

author-image
Asomiya Pratidin
New Update
লোকে লোকাৰণ্য পৰিৱেশ চমাংকানস্থলিত...

চাংকান প্ৰথা

প্ৰতিদিন সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে চাংকান প্ৰথা ৷ জিলাখনৰ লৰিংথেপিৰ কৃষি পথাৰত ১৫ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা অনুস্থানে সোমবাৰে তিনিটা দিন অতিক্ৰম কৰিছে ।

১৮ এপ্ৰিললৈ আয়োজন হ’বলগীয়া এই অনুস্থানৰ প্ৰতিদিনে চমাংকানস্থলিলৈ জনসমুদ্ৰৰ ভিৰ পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে কাৰ্বি সকলৰ পৰম্পৰাগতভাৱে পালন কৰি আহিছে এই প্ৰথা ৷ এই প্ৰথা হৈছে সমূহীয়াকৈ পালন কৰা দহা বা শ্ৰাদ্ধ অনুস্থান ৷

চমাংকানস্থলি
চমাংকানস্থলি

ইপিনে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক অৱগত কৰি বিধায়ক দৰছিং ৰংহাঙে গভীৰ সন্তোষ্টি প্ৰকাশ কৰি কয় যে, কাৰ্বি সকলৰ পৰম্পৰাগত এই প্ৰথা পালনৰ জৰিয়তে তেওঁ মৃতকৰ সকলৰ আত্মাৰ চিৰ শান্তি আৰু স্বৰ্গত স্থান পোৱাৰ বাবে মহৎ কাম কৰা আৰু ৰাইজৰ সহাৰি পোৱা বাবে গভীৰ সুখ প্ৰকাশ কৰাৰ লগতে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ।

ইপিনে এই তিনিটা দিনত সমূহীয়া শ্ৰাদ্ধ বা দহাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য, মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং আৰু সাংসদ হৰেণছিং বে, উপাধ্যক্ষ অজিত কুমাৰ দে, আৰু কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহি, মধুৰাম লেকথে আদি কাৰ্যবাহী সদস্য সকলৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে

চমাংকানস্থলিৰ দৃশ্য
চমাংকানস্থলিৰ দৃশ্য

Also Read: ১২তম ৰংজালি বৈশাগু উৎসৱক লৈ ব্যস্ততা...

চাংকান প্ৰথা চমাংকানস্থলি