টুম্প্ৰেঙত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ উদযাপনৰ ব্যাপক আয়োজন

টুম্প্ৰেঙত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ উদযাপনৰ ব্যাপক আয়োজন

author-image
Asomiya Pratidin
New Update
টুম্প্ৰেঙত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ উদযাপনৰ ব্যাপক আয়োজন

ডিজিটেল সংবাদ, হাওৰাঘাট : পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত টুম্প্ৰেং আঞ্চলিক ৰাস উদযাপন সমিতিৰ উদ্যোগত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো অহা ২২ আৰু ২৩ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ আয়োজন কৰা হৈছে। টুম্প্ৰেং মাজগাঁও আঞ্চলিক নামঘৰ প্ৰাঙ্গণত ৰাসলীলাভাগ অনুষ্ঠিত কৰাৰ বাবে দিহা কৰা হৈছে।

Advertisment

এই শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ পৰিচালনা কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙক মুখ্য পৃষ্ঠপোষক হিচাপে লোৱা হৈছে। দিত্যলাল হাচনুক সভাপতি,বিপুল নাথক কাৰ্যকৰী সভাপতি, নবীন শইকীয়াক উপ-সভাপতি,ধ্ৰুৱ বৰাক সাধাৰণ সম্পাদক, দিগন্ত বৰা আৰু ধীৰেন টেৰণক কাৰ্যকৰী সম্পাদক, উজ্জ্বল হোজাই, দেৱানন লাংঠাছা আৰু প্ৰশান্ত শইকীয়া ত্ৰয়ক যুটীয়াভাৱে সাংস্কৃতিক বিভাগৰ সম্পাদক, সাংবাদিক গুৰুমুখ সিং আৰু দুল কেম্প্ৰাইক প্ৰচাৰ বিভাগৰ সম্পাদক হিচাপে লৈ আৰু আন কেইবাখনো উপ-সমিতিৰে সৈতে এখন শক্তিশালী ৰাস উদযাপন সমিতি গঠন কৰা হৈছে।

ৰাসলীলা মহোৎসৱৰ ২২ ডিচেম্বৰৰ কাৰ্যসূচী অনুসৰি পুৱা ৬-০০ বজাত স্থানীয় যুৱক যুৱতী তথা আইমাতৃসকলৰ দ্বাৰা পৰিবেশ নিকাৰণ। পুৱা ১০-০০ বজাত মূল তোৰণৰ দ্বাৰ উন্মোচন কৰিব সভাপতি দিত্যলাল হাচনুৱে।

দুপৰীয়া ১২-০০ বজাত সামূহিক নামপ্ৰসংগভাগ অনুষ্ঠিত কৰা হ'ব। নামপ্ৰসংগভাগ পৰিচালনা কৰিব নামাচাৰ্য যাদৱ লস্কৰে । সন্ধিয়া ৭-০০ বজাত বায়ন প্ৰিয়ব্ৰত মছৰঙ আৰু গায়ন ৰতন খৰাই দ্বয়ৰ নেতৃত্বত খোল প্ৰসঙ্গ কৰা হ'ব ।

ইয়াৰ পাছতে সন্ধিয়া ৮-০০ বজাত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ উপলক্ষে কেলিগোপাল নাট প্ৰদৰ্শন কৰা হ'ব। কাৰ্যসূচীৰ সামৰণি দিনা অৰ্থাৎ ২৩ ডিচেম্বৰত সন্ধিয়া ৭-০০ বজাত মঞ্চ উদ্বোধন কৰিব ডংকা উপ-আৰক্ষী চকীৰ আৰক্ষী বিষয়া মানৱ বৰাই ।

এই মঞ্চতে সন্ধিয়া ৭-৩০ বজাত জনজাতীয় লোকনৃত্য পৰিৱেশন কৰা হ'ব । ইয়াৰ পাছতে নিশা ৯-০০ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। সেয়েহে ৰাসপ্ৰেমী ৰাইজক দুয়োটা দিনৰ কাৰ্যসূচীতে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে উপভোগ কৰিবলৈ আহ্বান জনাইছে আয়োজক সমিতিয়ে।

Also Read: তোলনীয়া পুত্ৰই চোকা অস্ত্ৰৰে হত্যা কৰিলে পিতৃক

Haoraghat raas Sri Krishna