উমলাফেৰত অচিনাক্ত দুৰ্বৃত্তৰ স্থানীয় বাসিন্দাক অত্যাচাৰ ঘটনাকলৈ অব্যাহত চাঞ্চল্যৰ...

উমলাফেৰত যোৱা ১৭ এপ্ৰিল তাৰিখে মেঘালয়ৰ পৰা অহা অচিনাক্ত দুৰ্বৃত্তই স্থানীয় বাসিন্দা সকলৰ ওপৰত অমানুষিক অত্যাচাৰ চলায়

author-image
Asomiya Pratidin
New Update
উমলাফেৰত অচিনাক্ত দুৰ্বৃত্তৰ স্থানীয় বাসিন্দাক অত্যাচাৰ ঘটনাকলৈ অব্যাহত চাঞ্চল্যৰ...

ডিজিটেল সংবাদ, হাওৰাঘাটঃ অসম-মেঘালয়ৰ সীমান্তৱৰ্তী এলেকাৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ উমলাফেৰত যোৱা ১৭ এপ্ৰিল তাৰিখে মেঘালয়ৰ পৰা অহা কোনো অচিনাক্ত দুৰ্বৃত্তই স্থানীয় বাসিন্দা সকলৰ ওপৰত অমানুষিক অত্যাচাৰ চলায় । এই ঘটনাৰ পিছতেই সম্প্ৰতি জিলাখনৰ বিভিন্ন সচেতন মহলত একপ্ৰকাৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Advertisment

সেই লৈ সদৌ তিৱা ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক অচ্যুত মছৰঙে উক্ত ঘটনাৰ তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে এই ক্ষেত্ৰত অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অসম চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদক দাবী জনাইছে ।

Also Read: জোনাই লৃগাং টি-10 ক্ৰিকেট টুৰ্নামেণ্টত টেট শিক্ষক ক্ৰিকেট ক্লাবৰ চেম্পিয়ন...

torture