জোনাই লৃগাং টি-10 ক্ৰিকেট টুৰ্নামেণ্টত টেট শিক্ষক ক্ৰিকেট ক্লাবৰ চেম্পিয়ন...

জোনাই প্ৰবীন এফ চিৰ উদ্যোগত জিলা খনৰ গান্ধী ময়দানত অনুষ্ঠিত হোৱা জোনাই লৃগাং টি-10 ক্ৰিকেট টুৰ্নামেণ্টৰ সোমবাৰে অনুষ্ঠিত

author-image
Asomiya Pratidin
New Update
জোনাই লৃগাং টি-10 ক্ৰিকেট টুৰ্নামেণ্টত টেট শিক্ষক ক্ৰিকেট ক্লাবৰ চেম্পিয়ন...

ডিজিটেল সংবাদ, জোনাইঃ জোনাই প্ৰবীন এফ চিৰ উদ্যোগত জিলা খনৰ গান্ধী ময়দানত অনুষ্ঠিত হোৱা জোনাই লৃগাং টি-10 ক্ৰিকেট টুৰ্নামেণ্টৰ সোমবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলত টেট উত্তীৰ্ণ শিক্ষক ক্ৰিকেট ক্লাবে জে ভি চি ক্লাবক পৰাস্ত কৰে। চূড়ান্ত বিজয়ী টেট উত্তীৰ্ণ শিক্ষক ক্ৰিকেট ক্লাবক ট্ৰফীসহ ২৫ হাজাৰ টকা আৰু ৰাণাৰ আপ জে ভি চি ক্লাবক ট্ৰফীসহ ১২ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়।

ইপিনে প্ৰণৱ টায়েই মেন অব দা চিৰিচ, নিভাঁজ কুলিয়ে মেন অব দা মেচ, পুনা গগৈয়ে বেষ্ট বলাৰ, ধৰ্মেশ্বৰ নৰহই বেষ্ট স্কৰাৰ আৰু মনোজ দলেয়ে বেষ্ট ফিল্ডাৰ খিতাপ দখল কৰে। ট্ৰফী আৰু পুৰস্কাৰ প্ৰদান কৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ আৰু জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগুয়ে। অনুষ্ঠানত জোনাই এফ চিৰ সম্পাদক দেবব্ৰত গগৈৰ লগতে বহু কৰ্মকৰ্তা আৰু গণ্য মান্য ব্যক্তিয়ে উপস্থিত থাকে।

Also Read: জেবিএফৰ দ্বাৰা বিশ্ব পৰিৱেশ দিৱস উদযাপন...

T10 Cricket Tournament