কোকৰাঝাৰত বিজেপি-ইউপিপিএলৰ গুৰুত্বপূৰ্ণ বৈঠক

কোকৰাঝাৰ লোকসভা সমষ্টিত কোন প্ৰাৰ্থীয়ে টিকট লাভ কৰে সেয়া পিছত নিৰ্ধাৰণ হ'ব
কোকৰাঝাৰত বিজেপি-ইউপিপিএলৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিজিটেল সংবাদ,কোকৰাঝাৰ : আগন্তুক লোকসভা নিৰ্বাচনক লৈ সাজু হৈছে বিজেপি আৰু ইউপিপিএল। দেওবাৰে কোকৰাঝাৰত লোকসভাৰ বাবে দুয়োটা ৰাজনৈতিক দলে কাৰ্য্যকৰ্তা তথা নেতৃবৰ্গৰ সৈতে এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। অনাগত লোকসভা নিৰ্বাচনৰ দ্বাৰা যাতে পুনৰবাৰ বৰ্তমানৰ চৰকাৰখনক শাসনত অধিষ্ঠিত কৰোৱাব পাৰে তাৰ বাবেই এই বৈঠকখন অনুষ্ঠিত কৰা হয়।

সেই উদ্দেশ্য সন্মুখত ৰাখি ইউপিপিএলৰ নেতা-কৰ্মীয়ে মন্ত্ৰী বিমল বড়াৰ উপস্থিতিত প্ৰথমলানি বৈঠক সম্পন্ন কৰে। এই বৈঠকখন বড়োলেণ্ড অতিথিশালাত অনুষ্ঠিত কৰা হয়। বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ১০ টা বিধানসভা সমষ্টিৰ বাবে বিজেপিৰ মন্ত্ৰী বিধায়কক দায়িত্ব দিয়া হৈছে।

ইফালে মন্ত্ৰী বিমল বড়াই বাওখুংগ্ৰী সমষ্টিৰ ইউপিপিএল- বিজেপিৰ নেতা কৰ্মীৰ সতে আলাপ আলোচনাত মিলিত হয়। এটাও সমষ্টিত যাতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পিছপৰি নাথাকে সেই সন্দৰ্ভত বিশেষভাৱে গুৰুত্ব আৰোপ কৰাৰ লগতে ৰণকৌশল নিৰ্ধাৰণ কৰা বুলি জানিবলৈ দিয়ে ।

অৱশ্যে কোকৰাঝাৰ লোকসভা সমষ্টিত কোন প্ৰাৰ্থীয়ে টিকট লাভ কৰে সেয়া পিছত নিৰ্ধাৰণ হ'ব বুলি মন্তব্য কৰে। বৰ্তমান প্ৰতিটো আঁচনি যাতে তৃণমূল পৰ্যায়ত লাভ কৰে আৰু ইউপিপিএল- বিজেপিৰ কৰ্মকৰ্তাই যাতে প্ৰত্যেকজন ব্যক্তিক স্পৰ্শ তাৰ কাৰণে কাম কৰি থকাৰ কথাও উল্লেখ কৰে।

প্ৰমোদ বড়ো সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰমোদ বড়োই কম সময়ৰ ভিতৰতে বিটিআৰত গণতান্ত্ৰিক সুশাসনৰ বাবে প্ৰয়াস কৰিছে । অনাগত দিনতো এই যাত্ৰা অব্যাহত ৰাখিব লাগিব।

আনহাতে কোকৰাঝাৰৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়েও কেতবোৰ মন্তব্য প্ৰদান কৰে।তেওঁ কয়- 'ইউপিপিএল দলে কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচন খেলিব ।বিজেপিয়ে ইউপিপিএল দলক কেনেদৰে সহায় কৰিব তাৰ প্ৰথমলানি বৈঠক সম্পন্ন হৈছে।'

উল্লেখ্য যে, আজিৰ এই বৈঠকত মন্ত্ৰী বিমল বড়া,লৰেঞ্চ ইছলাৰী, বিধায়ক হেমাংগ ঠাকুৰীয়া,সুৰেণ ফুকন,ৰাজকুমাৰ ব্ৰহ্ম আদিৰ লগতে ভালেকেইগৰাকী ব্যক্তি উপস্থিত থাকে।ইয়াৰোপৰি দুই দলৰ বিভিন্ন স্তৰৰ কাৰ্য্যকৰ্তা তথা কৰ্মীসকলো উপস্থিত থাকে।

কোকৰাঝাৰত বিজেপি-ইউপিপিএলৰ গুৰুত্বপূৰ্ণ বৈঠক
পুনৰ মূল্যবৃদ্ধি : ১.২৯ টকা পৰ্যন্ত বাঢ়িল বিদ্যুতৰ মাচুল, বাণিজ্যিক চিলিণ্ডাৰত বাঢ়িল ২০৯ টকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in