কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত আক্ৰমণ ঘটনাৰ নতুন মূৰ

কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত আক্ৰমণ ঘটনাৰ নতুন মূৰ

ডিজিটেল সংবাদ, খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি চাৰি-আলিত সংঘটিত আক্ৰমণৰ ঘটনাৰ নতুন মূৰ। চিচি টিভি ফুটেজত পোহৰলৈ আহিছে নতুন তথ্য।

১৫ ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰতিবাদকাৰী দলৰ ছয় যুৱকৰ ওপৰত চলা আক্ৰমণৰ ঘটনা ৰচনাত্মক নুনিয়া সংযুক্ত সংঘ (RNSS) নামৰ হিন্দিভাষী সংগঠনে কাৰ্বি আংলঙত PGR/VGR ভূমিত বসবাস কৰি থকা হিন্দীভাষী লোকসকলক স্থায়ী বাসিন্দা হিচাপে ভূমি প্ৰদান বা পট্টা প্ৰদানৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক প্ৰদান কৰা স্মাৰকপত্ৰ প্ৰসংগক লৈ বা ASDC YOUTH FRONT আৰু কেএছএ সংগঠনে ভূমি বেদখলমুক্ত আৰু ভূমি পট্টা প্ৰদানৰ বিৰোধিতাৰে কৰা প্ৰতিবাদৰ বাবে সংঘটিত হোৱা নাছিল।

উল্লেখযোগ্য যে ১৫ ফেব্ৰুৱাৰীৰ দিনটোৰ সন্ধিয়া তীব্ৰবেগেৰে তিনিখন চাৰি চকীয়া বাহনেৰে কেইগৰাকীমান কাৰ্বি যুৱক আহি খেৰণি চাৰিআলিত থিয় হৈ থকা এজন হিন্দীভাষী যুৱকৰ কাষত অৰ্থাৎ প্ৰায় শূণ্য দূৰত্বত গাড়ীৰ ব্ৰেক মাৰিছিল। তাৰ পাছতে ভয়ত উচপ খাই উঠা হিন্দীভাষী যুৱকজনে কাৰ্বি যুৱকৰ দলটোক উদ্দেশ্যি ধমকি দিছিল। ইয়াৰ পিছত পৰিণতি ভীষণ হৈ পৰে। লগে লগে নিজকে কাৰ্বি ছাত্ৰ সন্থাৰ সদস্য বুলি পৰিচয় দি কাৰ্বি যুৱকৰ দলটোয়ে হিন্দীভাষী যুৱকজনক খেদি খেদি বৰ্বৰভাৱে আক্ৰমণ আৰু গুৰুলাগুৰুলকৈ মাৰধৰ কৰে। আৰু এই সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হৈ ৰৈছিল চিচি টিভিৰ কেমেৰাত।

পৰৱৰ্তী সময়ত প্ৰতিশোধ লোৱাৰ উদ্দেশ্যেৰে এদল হিন্দীভাষী যুৱকে ছয়গৰাকী কাৰ্বি যুৱকক আক্ৰমণ কৰি আহত কৰিছিল। কিন্তু শেহতীয়াকৈ কাৰ্বি আংলঙত বিভিন্ন জনে এই ঘটনাক PGR/VGR ভূমিক কেন্দ্ৰ কৰি সংঘটিত হোৱা ঘটনা বুলি সন্দেহ কৰি হিন্দীভাষীক তীব্ৰ গৰিহণা বা জগৰীয়া কৰা পৰিলক্ষিত হৈছে বুলি সংবাদমেলযোগে সদৰী কৰিছে হিন্দীভাষী সংস্থা আৰু হিন্দীভাষী ছাত্ৰ সংস্থাই।

কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত আক্ৰমণ ঘটনাৰ নতুন মূৰ
দিছপুৰ আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in