খটখটিৰ আৰক্ষীৰ নাকা তালাচীত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰৰ সক্ৰীয় গুলী উদ্ধাৰ...

খটখটিৰ আৰক্ষীৰ নাকা তালাচীত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰৰ সক্ৰীয় গুলী উদ্ধাৰ...
খটখটিৰ আৰক্ষীৰ নাকা তালাচীত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰৰ সক্ৰীয় গুলী উদ্ধাৰ...

ডিজিটেল সংবাদ বোকাজানঃ শুকুৰবাৰে বিয়লি ভাগত খটখটি আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ নেতৃত্বত খটখটী থানাৰ অ'চি ৰমেন বৰদলৈ, চি আৰ পি এফৰ দল আৰু থানা ষ্টাফৰ সহযোগত খটখতি আৰক্ষীয়ে এ এছ ০৫ চি ৪৮৪৪ নম্বৰৰ এখন যাত্রীবাহি বাছত তালাচী চলাই ইনছাৰ্ছ ৰাইফলৰ তিনিটা মেগজিন আৰু ৬০ টা সক্রিয় গুলী, AK-47ৰ তিনিটা মেগজিনসহ ৯০ টা সক্রিয় গুলী উদ্ধাৰ কৰাৰ লগতে আৰ পি এফৰ Rapid Action Forceৰ সাজ-পোচাক, টুপী, মেডেল, বেংকৰ নথিপত্ৰ আদি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই সন্দৰ্ভত খটখটি আৰক্ষীয়ে যাত্রীবাহি বাছখনত যাত্ৰীৰূপে অহা দুই মাৰণাস্ত্ৰৰ গুলী সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্রে জানিব পৰা অনুসৰি RAF জোৱানসকল ডিমাপুৰ ৰে'লৱে ষ্টেচনৰ পৰা মণিপুৰ অভিমুখে যাবলৈ সাজু হৈ থকাৰ সময়তে ধৃত চোৰ দুটাই মাৰণাস্ত্ৰৰ সক্রিয় গুলী থকা এটা বেগ লৈ উধাও হয়।

ধৃত মাৰণাস্ত্ৰৰ গুলী সৰবৰাহকাৰী দুটা হৈছে ক্ৰমে নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত গেৰুকামুখৰ ভাৰ্গৱ বৰাৰ পুত্ৰ গগণ বৰা (২৩) আৰু একে জিলাৰেই ভেলৌগুৰিৰ প্ৰয়াত মতি উদ্দিন আহমেদৰ পুত্ৰ মহম্মদ টৌফিক আহমেদ (৩৯)। বর্তমান খটখটি আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত চোৰ দুটাক জেৰা অব্যাহত ৰাখিছে।

খটখটিৰ আৰক্ষীৰ নাকা তালাচীত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰৰ সক্ৰীয় গুলী উদ্ধাৰ...
তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ শ্ৰীপাণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in