/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/c70bb633-7376-4d0f-961f-22c8a416d2ff/GOLDEN_22.jpg)
তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ শ্ৰীপাণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ...
ডিজিটেল সংবাদ ধেমাজিঃ"ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমে জ্ঞানৰ বাবে শিকিবলৈ ইচ্ছা কৰিব লাগিব আৰু তাৰপিছত শিকিবলৈ চেষ্টা কৰিব লাগিব। মানুহৰ প্ৰতিদিনে এটা লক্ষ্য থাকিব লাগিব আৰু সেই লক্ষ্য পূৰণ কৰিবলৈ প্ৰচেষ্টা কৰিলেহে জীৱনত সফল হব পাৰিব ৷ "শুকুৰবাৰৰ পৰা অহা ২৪ ডিচেম্বৰলৈকে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ধেমাজি জিলাৰ শ্ৰীপাণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱটিৰ এক আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে ডিব্রুগড় বিশ্ববিদ্যালয় শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপক ড০ প্রাঞ্জল বুঢ়াগোঁহাইয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/b2a232c7-6835-4865-bda9-55141f417beb/e5a8a885_f2da_42c9_b6ff_4b4f696652b8.jpg)
অঞ্চলটোৰ ভিতৰত উচ্চ শিক্ষানুষ্ঠানটিৰ এই সোণালী জয়ন্তী উৎসৱৰ উপলক্ষত সমগ্ৰ শ্ৰীপাণী অঞ্চলটোৰ বাট-পথসমূহত সুদৃশ্য তোৰণ, পতাকা, বিদ্যালয়ৰ সন্মুখত নৱনিৰ্মিত আটকধুনীয়া সোণালীজয়ন্তী স্মাৰক তোৰণ, বিদ্যালয়ৰ ভৱন আৰু শ্ৰেণীকোঠাসমূহ, মূল মণ্ডপ, প্ৰদৰ্শনীগৃহ, পতকা উত্তোলনৰ স্থলী, গ্ৰন্থমেলাৰ বিপনী, সাংস্কৃতিক অনুষ্ঠানৰ মণ্ডপ, ভোজনালয় আদিৰ পৰা চেল্ফি পইণ্টলৈকে আটকধুনীয়াকৈ সজাই-পৰাই তোলাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল, কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত শিক্ষক-কর্মচাৰীসকল, স্থানীয় ৰাইজ আৰু আমন্ত্ৰিত অতিথি-আলহী সকলো মিলি এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে।
কার্যসূচী অনুসৰি শুকুৰবাৰে প্ৰথম দিনা পুৱা ৭ বজাত পৰিৱেশ নিকাকৰণৰ পাছতেই পুৱা ৭.৩০ বজাত বৃক্ষৰোপণ কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি দেউকন বিশ্বকর্মাই, পুৱা ৮ বজাত নৱনির্মিত পতাকা উত্তোলনৰ সৌধ উন্মোচন, পুৱা ৮.৩০ বজাত সোণালী জয়ন্তী অনুষ্ঠানৰ পতাকা উত্তোলন কৰে জোনাই বিধান সভা সমষ্টিৰ বিধায়ক তথা সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ভুবন পেগুৱে আৰু বিদ্যালয়ৰ পতাকা উত্তোলন কৰে শ্রীপাণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্রবীন চুতীয়াৰ লগতে বিদ্যালয়ৰ সৈতে জড়িত ৪৯ জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৪৯ খন পতাকা উত্তোলন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f5b81fc2-c71d-43bb-a474-4710d53aac1a/f8bc68fb_a54b_4579_b944_a60ba3fa6d20.jpg)
পুৱা ৯.০০ বজাত স্মৃতি তর্পন আৰু শ্বহীদ তর্পন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দূর্গা প্রসাদ লালুং আৰু শ্রীপাণি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ধ্ৰুৱজ্যোতি দত্তই। পুৱা ৯.৩০ বজাত নৱনির্মিত সোণালী জয়ন্তী স্থায়ী তোৰণৰ শুভ উন্মোচন কৰে মৰিধল মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ কমল গগৈয়ে পুৱা ১০ বজাত মঞ্চ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক আৰু বিশিষ্ট নাট্যকাৰ বলিন বৰগোহাঁইয়ে, পুৱা ১০.১৫ বজাত মণ্ডপ উদ্বোধন কৰে অৱসৰপ্রাপ্ত প্রধান শিক্ষক কৃষ্ণ চেতিয়াই, পুৱা ১০.৩০ বজাত বিদ্যালয়ৰ প্ৰাচীৰ পত্রিকা উন্মোচন কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰসাল কছাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/13762702-d441-422b-a8a6-db4150460cba/c0fda9be_1734_4b5d_8e54_2370f467d05a.jpg)
পুৱা ১০.৪৫ বজাত প্রদর্শনীৰ দ্বাৰ উন্মোচন কৰে অৱসৰপ্রাপ্ত শিক্ষক শুভ চন্দ্ৰ হাজৰিকাই, পুৱা ১১.০০ বজাত গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে উদযাপন সমিতিৰ উপ-সভাপতি ঘনকান্ত কোঁৱৰে। দিনৰ ১১.১৫ বজাত Science & Community Hub উন্মোচন, দিনৰ ১১.৩০ বজাত বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ পৰা জড়িত হৈ থকা শুভাকাংক্ষীসকলৰ বিশেষ সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।
দুপৰীয়া ১.৩০ বজাত অনুষ্ঠিত হোৱা 'ছাত্র-ছাত্ৰীৰ শৈক্ষিক উত্তৰণ-পথ, প্রচেষ্টা আৰু নীতি' বিষয়ক আলোচনা চক্রখনিৰ সঞ্চালনা কৰে মৰিধল মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ লেখন গগৈয়ে। অনুষ্ঠানটিত মুখ্য আলোচক হিচাপে ডিব্রুগড় বিশ্ববিদ্যালয় শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপক ড০ প্রাঞ্জল বুঢ়াগোঁহাইয়ে আলোচনাত অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/89c08406-937b-4a97-b18c-23514593d326/94b9a67b_b240_4a16_901e_fcf3dd0c21f4.jpg)
এই আলোচনা চক্ৰত উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ সহযোগী অধ্যাপক ড০ বাণী কান্ত কোঁৱৰে অংশগ্ৰহণ কৰে। দিনৰ ২.৩০ বজাত 'নব্য মাধ্যমত ছাত্র-ছাত্রীৰ সাহিত্য অনুশীলন' শীৰ্ষক আলোচনা চক্রখনি সঞ্চালনা কৰে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড০ পল্লৱী ডেকা বুজৰবৰুৱা, মুখ্য আলোচক হিচাপে উপস্থিত থাকে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ উৎপল নাৰায়ণ গোস্বামী আৰু আলোচক হিচাপে উপস্থিত থাকে মৰিগাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ সমুজ্জ্বল শইকীয়া।
আবেলি ৪ বজাত লক্ষীপ্ৰভা কাটনীৰ সম্পাদনাত আদৰণি সমিতিয়ে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ 'সোণালী সৌৰভ' উন্মোচন কৰে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা আসনৰ অৱসৰপ্ৰাপ্ত প্রাধ্যাপক ড০ কৰৱী ডেকা হাজৰিকাই। সন্ধ্যা ৫.০০ বজাত বন্তি প্রজ্বল আৰু নিশালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'য়।
Also Read: ৭ মাহ পূৰ্বে জীয়ৰীৰ সৈতে মিলি পত্নীয়ে হত্যা কৰিলে স্বামীকঃ গাত খান্দি উদ্ধাৰ কৰিলে আৰক্ষীয়ে...