/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1a1e35cb-7927-4449-8106-70d3e4dce1db/kaziranga.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাত ঠিকাদাৰ-কৰ্মচাৰীয়ে গো-গ্ৰাসে কাৰ্বি আংলঙৰ উন্নয়নৰ নামত অহা লাখে লাখে টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ কঁহৰা ভূমি সংৰক্ষণ বিভাগৰ অধীনত কঁহৰাৰ দাতিকাষৰীয়া হেমাই লেকেথে গাওঁৰ কৃষকসকল উপকৃত হোৱাকৈ RIDF আঁচনিৰ জৰিয়তে ১৮ লাখ টকীয়া এটা নলাৰ ব্যৱস্থা কৰিছিল ৷
কিন্তু ছমাহ নহওঁতেই নলাৰ গাৰ্ড ৱাল ভাঙি চূৰমাৰ হোৱাৰ লগতে এতিয়া বিপদত পৰিছে কৃষকসকল ৷ কিয়নো খেতিৰ এই ভৰপক সময়ত পথাৰত নাই পানী ৷ তদুপৰি আঁচনিৰ এটা অংশ বৰ্তমান অৰ্থাৎ এই বাৰিষাকালত নিৰ্মাণ কৰা কাৰ্যক ধিক্কাৰ জনাইছে স্থানীয় লোকসকলে ৷ আনহাতে, ছমাহ নহওঁতেই এটা নলাৰ গাৰ্ড ৱাল ভাগি যোৱাৰ পাছত সেই নলাটো মেৰামতি নকৰি কাষৰীয়া চন্দ্ৰ সিং ৰংপি গাঁৱত ঠিকাদাৰ গণেশ নেওগে পুনৰ নিৰ্মাণ কৰিছে আন এটা নলা।
নিৰ্মাণ কৰি থকা এই অংশটো মাত্ৰ এজাক বৰষুণতে উটি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । কিয়নো এই বৰষুণৰ বতৰত পানীৰ মাজত পকা কাম কৰিছে ঠিকাদাৰে ৷ ইফালে চন্দ্ৰ সিং ৰংপি গাঁৱতো ঠিকাদাৰে লুটি-পুটি খোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ IWMP আঁচনিৰ অধীনৰ এটা নলাই জ্বলা-কলা খোৱাইছে ৰাইজক ৷ চৰকাৰী ধনৰ অপচয় কৰি কৰা নিৰ্মাণ কাৰ্যৰ বিষয়টোৰ তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷
Also Read: এখন গাঁৱৰ যুৱচামে দাঙি ধৰিছে আদৰ্শৰ চূড়ান্ত নিদৰ্শনঃ সকলোৱে একেমুখে শলাগিছে...