স্বাধীনতা দিৱসৰ দিনাই অঘটনঃ ফুৰিবলৈ গৈ পথ দুৰ্ঘটনাত মৃত্যু এজনৰ

স্বাধীনতা দিৱসৰ দিনাই অঘটনঃ ফুৰিবলৈ গৈ পথ দুৰ্ঘটনাত মৃত্যু এজন ব্যৱসায়ী লোকৰ

author-image
Asomiya Pratidin
New Update
স্বাধীনতা দিৱসৰ দিনাই অঘটনঃ ফুৰিবলৈ গৈ পথ দুৰ্ঘটনাত মৃত্যু এজনৰ

ডিজিটেল সংবাদ, হাওৰাঘাটঃ স্বাধীনতা দিৱসৰ দিনাই ৰাজ্যত সংঘটিত হৈছে আন এক পথ দুৰ্ঘটনা। ফুৰিবলৈ গৈ উভতি নহাৰ বাটৰে গ'ল এজন যুৱক। ঘটনা অনুসৰি হাওৰাঘাট নগৰৰ পৰা কাংথি লাংছলৈ ৫ব্যৱসায়ী বন্ধুয়ে গা-ধুবলৈ বুলি ওলাই যায়। উক্ত স্থানৰ পৰা বিয়লি উভতি অহাৰ সময়ত দুৰ্ঘটনাত পতিত হয় ৫বন্ধুৰ বাহনখন।

Advertisment

যাৰ বাবে এজনে প্ৰাণ হেৰুৱাব লগীয়া হয়। মৃত্যুক সাবটি লোৱা লোকজন হাওৰাঘাটৰ প্ৰদীপ দেৱনাথ বুলি জানিব পৰা গৈছে। উক্ত বাহনখনৰ নম্বৰ এ এছ ০২ টি ৩৭১২। উল্লেখ্য যে ঘটনাত আঘাতপ্ৰাপ্ত হৈছে আন ৪জন বন্ধু ।

Also Read: ধেমাজিৰ কাছাৰী ময়দানতো উদযাপন ৭৭ সংখ্যক স্বাধীনতা দিৱস

Assam police