ধেমাজিৰ কাছাৰী ময়দানতো উদযাপন ৭৭ সংখ্যক স্বাধীনতা দিৱস

ধেমাজিৰ কাছাৰী ময়দানতো উদযাপন ৭৭ সংখ্যক স্বাধীনতা দিৱস

ডিজিটেল সংবাদ, ধেমাজিঃ মঙ্গলবাৰে সমগ্ৰ দেশৰ লগতে ধেমাজিতো ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে৷ ইয়াৰ পূৰ্বে জিলা আয়ুক্তগৰাকীয়ে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মল্যাপৰ্ণ কৰাৰ লগতে ২০০৪ চনৰ ১৫ আগষ্টত নিহত হোৱা ১৩ গৰাকী কণ কণ ছাত্ৰ-ছাত্ৰীসহ মহিলাৰ স্মৃতিসৌধত বন্তি প্ৰজ্বলন কৰে ৷

স্বাধীনতা দিৱসৰ মাৰ্চপাচত আৰক্ষী, স্কাউট-গাইড, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ২৬ টা দলে অংশগ্ৰহণ কৰে ৷ পূৰ্বৰ তুলনাত এইবাৰ সহশ্ৰাধিক লোক উপস্থিত থকা দিৱসটি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷ স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনৰ আয়ুষ্মান ভাৰতৰ কাম উৎকৃষ্টমান হোৱা বাবে ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষকগৰাকীক সন্মান জনোৱা হয়।

তদুপৰি ইতিমধ্যে শতবাৰ্ষিকী গৰকা ধেমাজি বিষ্ণুপুৰৰ মুক্তি যুজাৰু টংক বড়াক বিশেষভাৱে সম্বৰ্ধনা লগতে মুক্তি যুজাৰু পৰিয়ালবৰ্গকো সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য এইবাৰ ধেমাজি জিলা প্ৰশাসনৰ অধীনৰ ধপাঁত নিয়ন্ত্ৰণ গ্ৰুপে জিলাখনত ধপাঁত মুক্ত গাওঁ হিচাপে পশ্চিম ধেমাজি অঞ্চলৰ বৰদলপা গাঁৱৰ লগতে মৰিধল মহাবিদ্যালয়, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, চিলাপথাৰ আবাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্ৰীপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি মুঠ ৫খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ১খন মহাবিদ্যালক ধপাঁত মুক্ত শিক্ষানুষ্ঠান হিচাপে ঘোষণা কৰে ৷

অনুষ্ঠানত অনুষ্ঠানসমূহৰ মুৰব্বীসকলৰ লগতে বৰদলপা গাঁওখনৰ হৈ গাঁওৰক্ষী বাহিনীৰ সভাপতি আৰু সম্পাদকে সম্বধৰ্না গ্ৰহণ কৰে ৷

ধেমাজিৰ কাছাৰী ময়দানতো উদযাপন ৭৭ সংখ্যক স্বাধীনতা দিৱস
টাং চু ডু স্পৰ্ট এচ'চিয়েছন অৱ অসমেও পালন কৰিলে স্বাধীনতা দিৱস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in