/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/1d147d99-b17e-4666-891f-20316e410b5c/Karbianglong.jpg)
ডিজিটেল সংবাদ, কাৰ্বি আংলং: কাৰ্বি আংলঙত চাৰিলেন যুক্ত পথৰ দুৰৱস্থাই উদঙাইছে ঠিকাদাৰৰ কামৰ নমুনা। জিলাখনৰ ডেনগাঁৱত নিৰ্মীয়মান অৱস্থাতে পথৰ মাজত দ-গাঁত থকাৰ উপৰিও বাহন চলাচল কৰিলে ঠায়ে ঠায়ে সোমাই পৰে বাহনৰ চকা।
কাৰ্বি আংলঙৰ মাজেৰে যোৱা চাৰিলেন যুক্ত ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই দুৰৱস্থাই উদঙাইছে ঠিকাদাৰৰ কামৰ নমুনা। পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহওতেই নিৰ্মীয়মান পথৰ এনে দুৰৱস্থাই বিপদ মাতি আনিছে পথাচাৰীলৈ। ইতিমধ্যেই পথটোৰে বাহন চলাচল কৰিলেই পথৰ মাজৰ দ-গাঁতত আবদ্ধ হৈ পৰে কেইবাখনো বাহন ।
সেয়েহে এতিয়া স্থানীয় ৰাইজৰ অনুৰোধ বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনে বিষয়টোত হস্তক্ষেপ কৰি কামৰ খতিয়ন লয় যেন। অন্যথা বহু দুৰ্ঘটনা হোৱাৰ আশাংকাই দেখা দিছে অঞ্চলটোত। উল্লেখ্য যে, এপেক্স নামৰ এটি ব্যক্তিগত কোম্পানীয়ে লৈছিল পথটোৰ ঠিকাৰ কাম।
Also Read: কাৰাদণ্ডৰ স্থগিতাদেশ বিচাৰি ৰাহুল গান্ধীৰ আবেদন...