কাৰাদণ্ডৰ স্থগিতাদেশ বিচাৰি ৰাহুল গান্ধীৰ আবেদন...

চুৰাটৰ সত্ৰ ন্যায়াধীশৰ আদালতত আবেদন দাখিল ৰাহুল গান্ধীৰ। নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কংগ্ৰেছ নেতা গৰাকীৰ।

author-image
Asomiya Pratidin
New Update
বিপদত ৰাহুল ! নাপালে তাৎক্ষণিক সকাহ...

ডিজিটেল ডেস্ক: চুৰাটৰ সত্ৰ ন্যায়াধীশৰ আদালতত আবেদন দাখিল ৰাহুল গান্ধীৰ। নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কংগ্ৰেছ নেতা গৰাকীৰ। মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱা কংগ্ৰেছ নেতা গৰাকীয়ে সোমবাৰে চুৰাত আদালতত অন্তৰ্ৱতীকালীন স্থগিতাদেশৰ বাবে আবেদন কৰে।

আদালতে চলিত মাহৰ ১৩ এপ্ৰিল পৰ্যন্ত জামিন প্ৰদান কৰিছে ৰাহুল গান্ধীক। অহা ১৩ এপ্ৰিলত পৰৱৰ্তী শুনানি প্ৰদান কৰা হ'ব এই স্থগিতাদেশৰ। উল্লেখ্য যে, দেশৰ লোকসভা ন্যায়ালয়ে সাংসদ পদ খাৰিজ কৰিছিল নেতা গৰাকীৰ। পৰৱৰ্তী ৮ বছৰ পৰ্যন্ত নেতা গৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব বুলি ঘোষণা কৰে। যাৰ বাবে সমগ্ৰ দেশতে কংগ্ৰেছে সাব্যস্ত কৰিছিল প্ৰতিবাদ।

আৰু ইয়াৰ পিছতে সোমবাৰে নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই চুৰাটৰ সত্ৰ ন্যায়াধীশৰ আদালতত আবেদন জনাই কংগ্ৰেছ নেতা গৰাকীয়ে।

Also Read: এইবাৰ টকা দেখুৱাই মুকেশ আম্বানীয়ে কৰিলে এপ্ৰিল ফুল...

indian national congress