কাঠফুলা খেতিৰ জড়িয়তে লাখ টকা উপাৰ্জন এজন কৃষকৰ..

কাঠফুলা খেতিৰ ব্যৱসায়েৰে বছৰত ৫ লাখ টকা উপাৰ্জন কৰি আদৰ্শ হৈ পৰিছে ৰাজেন্দ্ৰ মাইবংছা

author-image
Asomiya Pratidin
New Update
কাঠফুলা খেতিৰ জড়িয়তে লাখ টকা উপাৰ্জন এজন কৃষকৰ..

ডিজিটেল সংবাদ, হাওৰাঘাট: বৰ্তমান সময়ত আত্মনিৰ্ভশীল হ'বৰ বাবে নৱপ্ৰজন্মই চৰকাৰী কৰ্মসংস্থাপনলৈ বাট নাচায়। তাৰেই উদাহৰণ দাঙি ধৰিছে পশ্চিম কাৰ্বি আংলঙৰ এজন যুৱকে। পশ্চিম কাৰ্বি আংলঙৰ টুম্প্ৰেং অঞ্চলৰ গংগা নগৰৰ নিবাসী ৰণহাম মাইবংছাৰ পুত্ৰ ৰাজেন্দ্ৰ মাইবংছা নামৰ এগৰাকী কৰ্ম উদ্যোগী যুৱকে নিদৰ্শন দাঙি ধৰিছে আত্মনিৰ্ভশীলৰ।

Advertisment

ৰাজেন্দ্ৰ মাইবংছাই ২০০৬ চনৰ পৰাই বৰ্তমানলৈকে অৰ্থাৎ একেৰাহে ১৭ বছৰ ধৰি চৰকাৰৰ পৰা কোনো ধৰণৰ সা-সুবিধা নোলোৱাকৈ নিজাববীয়াকৈ কাঠফুলাৰ খেতিৰ ব্যৱসায় কৰি আহিছে। কাঠফুলাৰ খেতিৰ পৰা বছৰত ৫ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে যুৱকজনে। নিজৰ মাটিত দীঘে ৬০ ফুট আৰু পথালিয়ে ৬০ ফুট প্ৰায় আধা বিঘা মাটিত কাঠফুলা খেতি কৰি আন ১০-১২ জন নিবনুৱা যুৱককো কৰ্মসংস্থাপন দিছে ৰাজেন্দ্ৰ মাইবংছাই ।

কৰ্ম উদ্যোগী মাইবংছাই কাঠফুলা খেতিৰ পৰা দৈনিক এক কুইন্টল উৎপাদন কৰি বছৰেকত ৫ লাখ টকা উপাৰ্জন কৰে। উৎপাদিত কৰা কাঠফুলা হোজাই, টুম্প্ৰেং, নগাওঁ, ডিফু, গুৱাহাটী, ডিমাহাচাওৰ হাফলং আৰু নাগালেণ্ডৰ ডিমাপুৰৰ উপৰিও মণিপুৰ, মেঘালয় আৰু বিদেশী ৰাষ্ট্ৰৰ ম্যানমাৰ আৰু ডুবাইলৈকে প্ৰেৰণ কৰা বুলি মাইবংছাই জানিবলৈ দিয়ে।

চৰকাৰৰ পৰা কোনো সহায় নোলোৱাকৈ স্বকৰ্ম আৰু স্ব-উপাৰ্জনেৰে স্বাৱলম্বী হৈ এতিয়া আদৰ্শ খেতিয়ক হৈ পৰিছে মাইবংছা। উল্লেখ্য যে, ৰাজেন্দ্ৰ মাইবংছাক যোৱা ২০ ফেব্ৰুৱাৰীত বোকাখাতৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসম' নামৰ অনুষ্ঠানটোৱে 'কৃষি সৌৰভ বঁটা -২০২৩' প্ৰদান কৰে ।

Also Read: প্ৰকাশ পালে বন্যহস্তী মৃত্যুৰ তথ্য...

assam agriculture university agriculture