কাৰ্বি আংলঙত জিলা পৰিবহন বিভাগৰ সজাগতা সভা

কাৰ্বি আংলঙত জিলা পৰিবহন বিভাগৰ সজাগতা সভা ও বিনামূলীয়াকৈ চকু পৰীক্ষা শিবিৰ

author-image
Asomiya Pratidin
New Update
কাৰ্বি আংলঙত জিলা পৰিবহন বিভাগৰ সজাগতা সভা

ডিজিটেল সংবাদ, কাৰ্বি আংলংঃ কাৰ্বি আংলং জিলাত দ্ৰুতগতিত বৃদ্ধি পাই অহা পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ জিলা পৰিবহন বিভাগৰ তৰফৰ পৰা ভূমি সংৰক্ষণ বিভাগৰ প্ৰেক্ষাগৃহত সোমবাৰে এখন সজাগতা সভাৰ লগতে বিনামূলীয়াকৈ চকু পৰীক্ষা কৰা হয়। বোকাজানৰ বাণিজ্যিক বাহনৰ বহু সংখ্যক চালকে উক্ত সজাগতা সভাত অংশগ্ৰহণ কৰে৷

Advertisment

এই পথ সুৰক্ষা সজাগতা সভাখনত মুখ্য অতিথি হিচাবে উপস্থিত থাকে জিলা পৰিবহণ বিষয়া বিক্ৰম আদিত্য গগৈ, এ ই আই বিতুল কুৰ্মী। পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে উপস্থিত বাণিজ্যিক চালকসকলক পাৱাৰ পইণ্ট প্ৰজেক্টৰ জৰিয়তে পথ সুৰক্ষাৰ পঞ্চ সূত্ৰ, পথ সুৰক্ষামূলক বিভিন্ন দিশ আৰু গাড়ী চলাওতে পথৰ ব্যৱহাৰ সন্দৰ্ভত সহজ-সৰল ভাষাত বুজাই বক্তব্য দিয়ে। সভাৰ শেষত উপস্থিত থকা প্ৰতিজন বাণিজ্যিক বাহনৰ চালকসকলে চকু পৰীক্ষা কৰে।

Also Read: সমাজকৰ্মী-শিক্ষক নোমল বৰুৱাৰ মৃত্যুত দেৰগাঁৱত শোকৰ ছাঁ

Transport Department Assam State Transport Corporation