সমাজকৰ্মী-শিক্ষক নোমল বৰুৱাৰ মৃত্যুত দেৰগাঁৱত শোকৰ ছাঁ

সমাজকৰ্মী নোমল বৰুৱাৰ (৭৬) অবাঞ্চিত পৰলোকপ্ৰাপ্তিত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে

author-image
Asomiya Pratidin
New Update
সমাজকৰ্মী-শিক্ষক নোমল বৰুৱাৰ মৃত্যুত দেৰগাঁৱত শোকৰ ছাঁ

ডিজিটেল সংবাদ ,দেৰগাঁওঃ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ লেঙেৰা গাঁৱৰ নিৱাসী অৱসপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী নোমল বৰুৱাৰ (৭৬) অবাঞ্চিত পৰলোকপ্ৰাপ্তিত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে। সৰবৰহী নোমল বৰুৱাই সৰুৱে পৰা বিভিন্ন সামাজিক আৰু সংস্কৃতি অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকাৰ সমান্তৰালকৈ শিক্ষকতাৰ লগতো সমানে জড়িত হৈ সমাজৰ উন্নতিৰ হকে কাম কৰিছিল।

Advertisment

তেখেতে উত্তৰ শিক্ষা খণ্ডৰ শিক্ষক সন্মিলনীৰ সম্পাদক, কোষাধক্ষ, নামঘৰ সমিতিৰ লগতে বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত আছিল। বানে গড়কা ব্ৰহ্মপুত্ৰ অঞ্চলৰ বগৰিয়নী প্ৰাথমিক বিদ্যালয়ৰ উপৰিও আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাবে কৰ্মৰত হৈ নোমল বৰুৱাই প্ৰধান শিক্ষক হিচাবে অৱসৰ গ্ৰহণ কৰিছিল। ব্ৰহ্মপুত্ৰ অঞ্চলৰ এজন সু-সমাজ গঠক তথা সৰবৰহী ব্যক্তিজনৰ অকাল বিয়োগত শিক্ষক সন্মিলনীৰ লগতে লেঙেৰা গাঁৱৰ নামঘৰ সমিতি, নেহৰু মধ্য ইংৰাজী বিদ্যালয় শিক্ষক গোট, আমগুৰি প্ৰাথমিক বিদ্যালয় শিক্ষা গোটৰ লগতে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, দেৰগাঁৱৰ ৰজাবাহাৰ গাঁৱৰ বৰুৱাই শেহতীয়াকৈ তেখেতৰ শাৰিৰীক অসুস্থাৰ বাবে হাইদাৰাবাদৰ এখন চিকিৎসালয়ত এক জটিল অষ্ট্ৰোপ্ৰচাৰ কৰিছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটি শনিবাৰে মৃত্যুক আঁকোৱালি লয়। সোমবাৰে পুৱা তেখেতৰ নশ্বৰ দেহ লেঙেৰা গাঁৱত আহি পোৱাত এক শোকাকোল পৰিৱেশে বিৰাজ কৰে। মৃত্যুৰ সময়ত তেখেতে পত্নীসহ দুজন পুত্ৰ,বোৱাৰীক এৰি থৈ যায়।

Also Read: ৰাজ্যৰ ৪ ঐতিহাসিক পুখুৰীৰ পাৰত গছপুলি ৰোপণ ভাৰত পৰ্যটনৰ

social worker