ডিফুত কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন...

কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত ডিফুত তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি
ডিফুত কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন...

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত ডিফুস্থিত লেখিকা সমাৰোহ সমিতিৰ স্থায়ী কাৰ্যালয় প্ৰাংগনত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি পৰে।

কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সাবিত্ৰী গগৈয়ে। আনহাতে স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভানেত্ৰী সাদৰী বৰুৱা গগৈয়ে। ইয়াৰ পিছতে অনুষ্ঠিত কৰা হয় কাৰ্যনিৰ্বাহক সভা আৰু বিষয় বাচনি সভা।

বিষয় বাচনি সভাতে পুৰণা সমিতিখন ভংগ কৰি পুনৰ পূৰ্বৰ সমিতিখন বাহাল ৰাখি সাবিত্ৰী গগৈক সভানেত্ৰী আৰু আৰু স্বৰ্ণালী গগৈক সম্পাদিকা হিচাপে লৈ মুঠ ২১ জনীয়া নতুনকৈ কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিখন গঠন কৰা হয় । ইয়াৰ পিছতে বিয়লি এক বজাত অনুষ্ঠিত কৰা হয় মুকলি সভা। সভাখনৰ সভাপতিত্ব কৰে লেখিকা সমাৰোহ সমিতিৰ সভাপনেত্ৰী সাবিত্ৰী গগৈয়ে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা স্বৰ্ণালী গগৈয়ে ।

উল্লেখ্য যে, সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈয়ে । এই সভতে অনুপ্ৰভা হাজৰিকাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা মুখপত্ৰ 'জোনাক' উন্মোচন কৰে ডিফুৰ বেণু তেৰাংপী জুনিয়ৰ কলেজৰ অধ্যক্ষা ডক্টৰ অজন্তা চুতীয়াই ।

ডিফুত কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন...
চি.ই.এৰ সোৱণশিৰি প্ৰকল্প পৰিদৰ্শন: বান ভূমিস্খলনকো আওকান কৰি নিৰ্মাণ হ’ল নদীবান্ধ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in