/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/ad6ef89b-b295-4377-9c03-d436baa92a36/2.jpg)
ডিজিটেল সংবাদ, বোকাজানঃ পশ্চিম কাৰ্বি আংলংৰ খেৰণিত ১৫ ফেব্ৰুৱাৰীৰ ৰাতি সংঘটিত দুষ্কৃতিকাৰীৰ আক্ৰমণৰ এক ঘটনাত কাৰ্বি ছাত্ৰ সন্থাৰ কেইবাগৰাকী বিষয়ববীয়া আৰু সদস্যই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৷ এই কাৰ্যত উদ্বিগ্ন প্ৰকাশ কৰিছে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই ৷ জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক অৰিন্দম মহন্ত,সভাপতি দ্বীপজ্যোতি দাস,সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অৰ্ণৱজ্যোতি কাকতি আৰু সহকাৰী সম্পাদক চৰ্জুন হান্সে স্বাক্ষৰিত এক প্ৰেছ বিবৃত্তি যোগে উক্ত ঘটনাক গৰিহণা দিয়াৰ লগতে আঘাতপ্ৰাপ্ত সকলৰ আশু আৰোগ্য কামনা কৰিছে ৷
আনহাতে উক্ত কাৰ্যৰ উচিত তদন্ত কৰি দুষ্কৃতিকাৰী সকলৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ বাবে চৰকাৰক দাবী জনাইছে ৷ লগতে কাৰ্বি আংলং জিলা ছাত্ৰসন্থাই সকলো পক্ষকে সংযম ৰক্ষা কৰি শান্তি শৃংখলা বজাই ৰখাৰ আহ্বান জনাইছে ৷ ইপিনে কাৰ্বি আংলং জিলাৰ ভোজপুৰী পৰিষদৰ সভাপতি গণেশ পাছৱানেও উক্ত ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছে ৷ কোনো কাৰণতে যে শান্তি শৃংখলা ভঙ্গ নহয় তাৰবাবেও আহ্বান জনাইছে সভাপতি গৰাকীয়ে ৷