গাড়ীৰ ভিতৰতে যুৱকক ডিঙি কাটি হত্যা দুৰ্বৃত্তৰ

বোকাখাতৰ সমীপৰ কাৰ্বি আংলঙৰ কাকচাঙত দেওবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। গাড়ীৰ ভিতৰতে দুৰ্বৃত্তই ডিঙি কাটি হত্যা এজন যুৱকক।

author-image
Asomiya Pratidin
New Update
গাড়ীৰ ভিতৰতে যুৱকক ডিঙি কাটি হত্যা দুৰ্বৃত্তৰ

ডিজিটেল ডেস্কঃ বোকাখাতৰ সমীপৰ কাৰ্বি আংলঙৰ কাকচাঙত দেওবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। গাড়ীৰ ভিতৰতে দুৰ্বৃত্তই ডিঙি কাটি হত্যা এজন যুৱকক।

Advertisment

AS-09 K 5343 নম্বৰৰ গাড়ীখন উদ্ধাৰ যুৱকজনৰ মৃতদেহ। মৃত যুৱকজন নাম ৰয়েল ৰংহাং বুলি জানিব পৰা গৈছে। কাৰ্বি আংলঙৰ কাকজান সোণাৰাম টেৰাং গাঁৱত ঘৰত যুৱকজনৰ। যুৱকজনক কোনে হত্যা কৰিলে বৰ্তমান জানিব পৰা হোৱা নাই।

স্থানীয়লোকে জানিব পৰা মতে উক্ত অঞ্চলটোৰে চোৰাং ব্যৱসায় চলি থাকে। বিভিন্ন সময়ত গাঁৱৰলোকে এই বিষয়ে প্ৰশাসনক অৱগত কৰিছিল যদিও এই বিষয় কোনো ব্যৱস্থা লোৱা নাছিল।

ইতিমধ্যে ঘটনাস্থলীত দলামৰা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত কাৰণ।

Also Read: অখিল গগৈৰ মাতৃৰ চৰণ চুই আৰ্শীবাদ ল'লে গৌৰৱ গগৈয়ে

Assam police