অখিল গগৈৰ মাতৃৰ চৰণ চুই আৰ্শীবাদ ল'লে গৌৰৱ গগৈয়ে

অখিল গগৈৰ মাতৃৰ চৰণ চুই আৰ্শীবাদ ল'লে গৌৰৱ গগৈয়ে

author-image
Asomiya Pratidin
New Update
অখিল গগৈৰ মাতৃৰ চৰণ চুই আৰ্শীবাদ ল'লে গৌৰৱ গগৈয়ে

ডিজিটেল সংবাদ ,মৰিয়নি :যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে দেওবাৰে অসমৰ এগৰাকী সংগ্ৰামী মহিলা তথা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈক সাক্ষাৎকৰি আৰ্শীবাদ গ্ৰহণ কৰে।

মৰিয়নি সমষ্টিৰ চেলেং লুসুৰাখনস্থিত অখিল গগৈৰ গৃহত উপস্থিত হৈ তেওঁৰ মাতৃ প্ৰিয়দা গগৈৰ চৰণ চুই গৌৰৱে গগৈয়ে আৰ্শীবাদ গ্ৰহন কৰে।প্ৰিয়দা গগৈয়ে ৰাজনৈতিক ক্ষেত্ৰখনত সদায় অসম তথা অসমীয়াৰ স্বাৰ্থত সাহসেৰে মাত মাতি যাবৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক আহ্বান জনায়।উল্লেখ্য যে দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে মৰিয়নিত ১৬খন নিৰ্বাচনী সভাত অংশগ্ৰহন কৰে গৌৰৱ গগৈয়ে।

Also Read: চাৰ্জত লগাই গেম খেলি আছিল মোবাইলতঃ ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গ'ল ৪ জনৰ...

gaurav gogoi akhil gogoi