৫০০ টকাৰ বাবে কনিষ্ঠ ছাত্ৰক জ্যেষ্ঠ ছাত্ৰই নিৰ্যাতন চলোৱাৰ অভিযোগ

৫০০ টকাৰ বাবে কনিষ্ঠ ছাত্ৰক জ্যেষ্ঠ ছাত্ৰই নিৰ্যাতন চলোৱাৰ অভিযোগ

ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ ফুলনিস্থিত ৰেংবংহম সেৱাশ্ৰম ছাত্ৰাবাসত ৫শ টকাৰ বাবেই দুজন জ্যেষ্ঠ ছাত্ৰই ছাত্ৰাবাসত থকা কেইবাগৰাকী কনিষ্ঠ শিক্ষাৰ্থীক মাৰপিট কৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ কথা পোহৰলৈ আহিছে।এই ঘটনা সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছে কেইবাগৰাকী শিক্ষাৰ্থী আৰু অভিভাৱকে।

অভিযোগ অনুসৰি লুঞ্চে ৰংপি ফুলনি ৰেংবংহম সেৱাশ্ৰম ছাত্ৰাবাসৰ ৱাৰ্ডেন(Warden) হিচাপে দায়িত্ব পালন কৰি আহিছে যদিও কলেজৰ ৩জন জ্যেষ্ঠ ছাত্ৰক ফুলনি ৰেংবংহম সেৱাশ্ৰম ছাত্ৰাবাস চোৱাচিতাৰ বাবে দায়িত্ব দিয়া বুলি জনা গৈছে । ছাত্ৰাবাসৰ দায়িত্ব লাভ কৰা ৩কলেজীয়া ছাত্ৰৰ ভিতৰতে ২কলেজীয়া ছাত্ৰ ক্ৰমে পবিত্ৰ আমছি আৰু ববন আমছি নামৰ কনিষ্ঠ ছাত্ৰ দুজনে কেইবাগৰাকী শিক্ষাৰ্থীক মাৰপিট কৰে।

ফলত যোৱা সোমবাৰে নিশা ৯ বজাত ছাত্ৰাবাসটোৰ পৰা ১০ জন শিক্ষাৰ্থীয়ে পলাই যাবলৈ বাধ্য হয় । ভুক্তভোগী শিক্ষাৰ্থীসকলে জনোৱা অনুসৰি জ্যেষ্ঠ ছাত্ৰ ববন আমছিৰ মানিবেগৰ পৰা নগদ ৫শ টকা নাইকিয়া হয় । এই ৫শ টকা হেৰুৱা বাবেই ববন আমছি আৰু পবিত্ৰ আমছিয়ে ছাত্ৰাবাসটোৰ কনিষ্ঠ ছাত্ৰকেইজনক কেৱল মাৰপিট কৰাতে ক্ষান্ত নাথাকি নিশা ৮ বজাত পানীত সাঁতুৰিবলৈও বাধ্য কৰে।

এই সম্পৰ্কে ভুক্তভোগী শিক্ষাৰ্থী আৰু অভিভাৱকসকলে অভিযোগ কৰে । এই সন্দৰ্ভত ৰেংবংহম সেৱাশ্ৰম ছাত্ৰাবাসটোৰ ৱাৰ্ডেনৰ দায়িত্বত থকা লুঞ্চে ৰংপিক আঁতৰাই অন্য এজনক ৱাৰ্ডেনৰ দায়িত্ব দিবৰ বাবে অনুৰোধ জনায়। লগতে ৱাৰ্ডেনৰ দায়িত্ব দি ৰখা ৩ছাত্ৰকো ছাত্ৰাবাসটোৰ পৰা আতঁৰ কৰিবৰ বাবে অনুৰোধ জনাইছে সচেতন অভিভাৱকসকলে ।

৫০০ টকাৰ বাবে কনিষ্ঠ ছাত্ৰক জ্যেষ্ঠ ছাত্ৰই নিৰ্যাতন চলোৱাৰ অভিযোগ
হত্যাকাণ্ডৰ অভিযোগত শিলচৰত ৪জনক গ্ৰেপ্তাৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in