সাংবাদিক ৰবিন বৰুৱাক 'আপকুৰ শ্ৰেষ্ঠ সংগঠক বঁটা ২০২৩ প্ৰদান

২০২২ বৰ্ষত অসম চৰকাৰে বৰুৱাক সাংবাদিক পেঞ্চন প্ৰদান কৰিছিল।
সাংবাদিক ৰবিন বৰুৱাক 'আপকুৰ শ্ৰেষ্ঠ সংগঠক বঁটা ২০২৩ প্ৰদান

ডিজিটেল সংবাদ,হাওৰাঘাট : অসমৰ সংবাদ ক্ষেত্ৰখনত মফচলীয়া সাংবাদিক তথা সংবাদকৰ্মী সকলৰ সুৰক্ষাৰ লগতে সংবাদ মাধ্যমৰ মৰ্যদা অটুট ৰখাৰ স্বাৰ্থত ১৯৯৩ চনৰ ৩০ এপ্ৰিলত প্ৰতিষ্ঠা লাভ কৰিছিল চৰকাৰী পঞ্জীয়নভুক্ত সাংবাদিক সংগঠন 'আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন' চমুকৈ 'আপকু' । 'আপকু'ৰ ষষ্ঠদশ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনখন বিশ্বনাথ জিলাৰ গহপুৰ মহকুমা সমিতিৰ আতিথ্যত আৰু গহপুৰবাসী ৰাইজৰ সহযোগত ছহিদ নগৰ গহপুৰৰ ঐতিহ্যমণ্ডিত ছয়দুৱাৰ মহাবিদ্যালয়ৰ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত যোৱা ৯ আৰু ১০ ডিচেম্বৰত অনুষ্ঠিত হৈ যায় ।

অধিৱেশনৰ সামৰণিৰ দিনা অনুষ্ঠিত মুকলি সভাত আপকুৰ ফালৰ পৰা 'আপকুৰ শ্ৰেষ্ঠ সংগঠক বঁটা -২০২৩' কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক,আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ উপদেষ্টা তথা সাংবাদিক ৰবিন বৰুৱাক প্ৰদান কৰা হয়। বঁটাটিত আছে শৰাই, গামোছা, এটি স্মাৰক, প্ৰশস্তি পত্ৰ ইত্যাদি।

উল্লেখ্য যে, ২০২২ বৰ্ষত অসম চৰকাৰে তেওঁক সাংবাদিক পেঞ্চন প্ৰদান কৰিছিল। বঁটা গ্ৰহণ কৰি সাংবাদিক বৰুৱাই সংবাদ মাধ্যমৰ জৰিয়তে আপকুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

সাংবাদিক ৰবিন বৰুৱাক 'আপকুৰ শ্ৰেষ্ঠ সংগঠক বঁটা ২০২৩ প্ৰদান
মোৱামৰী দৈনিক বজাৰত মাৰপিটৰ ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in