২৭ ডিচেম্বৰত উন্মোচন হ'ব সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীৰ 'মহৎ লোকৰ অমৃত বাণী'...

২৭ ডিচেম্বৰত উন্মোচন হ'ব সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীৰ 'মহৎ লোকৰ অমৃত বাণী'...

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ গৰখীয়া পুখুৰী গাৱঁৰ বাসিন্দা প্ৰয়াত ৰাজেন খাখলাৰী আৰু মাতৃ প্ৰয়াত যমুনা খাখলাৰীৰ সুযোগ্য সন্তান বিশিষ্ট কবি, সাংবাদিক আৰু লেখক ধৰ্মেন্দ্ৰ খাখলাৰীৰ 'মহৎ লোকৰ অমৃত বাণী' শীৰ্ষক তেওঁৰ চতুৰ্থখন গ্ৰন্থ অহা ২৭ ডিচেম্বৰত ডিফু লুৰুলাংছস্থিত ৰাংছিনা চাৰপ' ভৱনত উন্মোচন কৰাৰ বাবে ব্যাপক প্ৰস্ততি চলোৱা হৈছে । ১৯৯৬ চনত ডিফুৰ পৰা প্ৰকাশিত 'পাহাৰীদূত' কাকতৰ যোগেদি সাংবাদিকতাৰ জগতত প্ৰৱেশ কৰা ধৰ্মেন্দ্ৰ খাখলাৰীয়ে ২০০৩ চনৰ পৰা 'অসমীয়া প্ৰতিদিন' কাকতৰ হাওৰাঘাটৰ স্থানীয় সংবাদদাতা ৰূপে আজিও কাৰ্যনিৰ্বাহ কৰি আছে।

সাংবাদিকতাৰ বৃত্তিৰে সমাজ-সেৱা কৰি অহা ধৰ্মেন্দ্ৰ খাখলাৰী স্বভাৱজাত এগৰাকী কবি। ১৯৯৩ ত দশম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ কবিতা -চৰ্চাৰ জৰিয়তে সাহিত্যৰ জগতত প্ৰৱেশ কৰিছিল।

১৯৯৬ চনৰ ২৪ ডিচেম্বৰত ' পাহাৰীদূত ' কাকতত প্ৰকাশিত ' বাসনা ' শীৰ্ষক কবিতা এটিৰে কবিজনাই স্বপ্ৰতিভা প্ৰকাশ কৰি সুনাম অৰ্জন কৰিছিল। কবি ধৰ্মেন্দ্ৰ খাখলাৰীৰ প্ৰকাশিত একমাত্ৰ কাব্যগ্ৰন্থ হৈছে ' আকাশৰ পৰা খহি পৰিল এটা তেজৰঙা সূৰ্য' (২০১০) । তদুপৰি ' আত্মোপলব্ধি ' ( ২০১২) আৰু ' বড়ো কৃষ্টিৰ নীৰৱ সাধক ক্ষীৰোদ খাখলাৰী ' (২০১৪) তেওঁৰ প্ৰকাশিত দুখন উল্লেখযোগ্য গ্ৰন্থ।

তাৰ পিছৰ পৰাই তেওঁ সাহিত্য আৰু সংবাদ সেৱা আগবঢ়ায় আহিছে । লেখক খাখলাৰীয়ে তেওঁৰ গ্ৰন্থখনত লিখিছে সমাজ আৰু দেশখন সঠিক পথত আৰু সঠিক ৰূপত চলিবলৈ হ'লে সত্য পথৰ সন্ধান দিওঁতা জ্ঞান, দৰ্শন আৰু মহৎ আদৰ্শৰ অতিকৈ প্ৰয়োজন। যেনেদৰে নিশাৰ ভাগত আন্ধাৰে জগতখন আন্ধাৰ কৰি ৰাখে, সেই আন্ধাৰক একমাত্ৰ সূৰ্যৰ পোহৰেহে উদ্ভাসিত কৰি তোলে।

ঠিক তেনেদৰে পৃথিৱীৰ মহৎ লোকসকলৰ মহৎ আদৰ্শ আৰু বাণীবোৰে সংসাৰখনত থকা লোকসকলক পোহৰৰ পথত আগুৱাই যোৱাত সহায় কৰে । বৰ্তমান সভ্য সমাজখনত থকাৰ পিছতো লেখকে অনুভৱ কৰি কয় যে বিজ্ঞানে যিমান আধুনিকৰ পৰা আধুনিকতালৈ উন্নীত কৰি তুলিছে সিমানে সমাজখনক কিছুমান অশুভ কাৰকে নৈতিক স্খলন আৰু নৈতিক অধঃপতনেৰে দ্ৰুতগতিত অৱনতি ঘটাইছে আৰু ইমানেই নিম্ন স্তৰলৈ গতি কৰাইছে যে ভাৱিবলৈকে আচৰিত লাগে।

আনহাতে সাহিত্য জগতখনত অথবা গ্ৰন্থমেলাসমূহত যি পৰিমাণৰ ' মহৎলোকৰ বাণী ' শীৰ্ষক পুথি সহজলভ্য হ'ব লাগিছিল কিন্ত খুব কম পৰিমাণেহে পোৱা যায়। সেয়ে এই অভাৱ আৰু চাহিদা পুৰণ কৰাৰ চিন্তা কৰিয়ে তেওঁ বিগত প্ৰায় ছয়মাহ কাল ধৰি বিভিন্ন আলোচনী, বাতৰি কাকত, পুঁথি আদিৰ পৰা মহৎ লোকসকলৰ বাণীসমূহ সংগ্ৰহ কৰা আৰম্ভ কৰা বুলি কৈছে ।

সেই মহৎ বাণীসমূহকেই ' মহৎ লোকৰ অমৃত বাণী ' শীৰ্ষক গ্ৰন্থ আকাৰে প্ৰকাশ কৰি উলিয়াই পঢ়ুৱৈ ৰাইজৰ হাতত তুলি দিয়াৰ প্ৰচেষ্টা কৰিছে । এই গ্ৰন্থখনত সংগৃহীত আৰু সন্নিৱিষ্ট মহৎ বাণীসমূহে কলুষিত আৰু বিশৃংখলিত হৈ থকা সমাজখনৰ লোকসকল অথবা হতাশাগ্ৰস্ত হৈ থকা লোকসকলক পোহৰৰ পথত আগুৱাই যোৱাত কিঞ্চিৎ পৰিমাণে সহায় কৰিলেও লেখকৰ শ্ৰম সাৰ্থক হোৱা অনুভৱ কৰিব পাৰিব বুলি কৈছে ।

এই মূল্যবান 'মহৎ লোকৰ অমৃত বাণী ' গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে কাৰ্বি আংলং জিলাৰ লৰিংথেপিৰ বিশিষ্ট সমাজকৰ্মী তথা ১৮নং হাওৰাঘাট বিধান সভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙে । তেখেতে এই গ্ৰন্থখন প্ৰকাশৰ বাবে দায়িত্ব লৈ আগবাঢ়ি নহা হ'লে মহৎ লোকৰ অমৃত বাণীসমূহ নিশ্চয় পঢ়ুৱৈ ৰাইজৰ ওচৰ গৈ নাপালেহেঁতেন।

সেয়েহে লেখক গৰাকীয়ে অহা ২৭ ডিচেম্বৰত ডিফুৰ লুৰুলাংছ' স্হিত ৰাংছিনা চাৰপ' সাংস্কৃতিক ভৱনত দিনৰ ১১ বজাত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে উন্মোচন কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

২৭ ডিচেম্বৰত উন্মোচন হ'ব সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীৰ 'মহৎ লোকৰ অমৃত বাণী'...
পুথিভঁৰাললৈ অনিহা পঢ়ূৱৈৰ : নগাঁও জিলাত মাত্ৰ পঞ্জীকৃত পঢ়ুৱৈ ১৬ হাজাৰ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in