/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/9586b5dc-47ba-430f-9c39-025d32124613/523.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ অন্তৰ্গত হাওৰাঘাট অঞ্চলৰ গৰখীয়া পুখুৰী গাঁৱৰ বাসিন্দা বিশিষ্ট সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী আৰু বিশিষ্ট কবি ৰূপালী বসুমতাৰীৰ দুখন গ্ৰন্থ উন্মোচন কৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অহা ২৭ ডিচেম্বৰ ২০২৩ বুধবাৰে দিনৰ ১১-০০বজাত ডিফুৰ লুৰুলাংছ'স্থিত ৰাংছিনা চাৰপ' সাংস্কৃতিক ভৱনত অনুষ্ঠিত কৰা হ'ব উন্মোচনী পৰ্ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/002f0fc9-d53f-495c-8f7f-f3cc9943c432/8d10c64f_77fb_4c8d_8254_4d89c3bda607.jpg)
উক্ত সভাত পাহাৰীয়া জিলাখনৰ লৰিংথেপিৰ বিশিষ্ট সমাজকৰ্মী তথা ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙে প্ৰকাশ কৰি উলিওৱা বিশিষ্ট সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীৰ চতুৰ্থখন 'মহৎ লোকৰ অমৃত বাণী' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰিব কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে । ইফালে উক্ত সভাতে বিশিষ্ট সমাজকৰ্মী দৰছিং ৰংহাঙেই প্ৰকাশ কৰি উলিওৱা বিশিষ্ট কবি ৰূপালী বসুমতাৰীৰ 'বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে' শীৰ্ষক দ্বিতীয়খন কাব্যগ্ৰন্থ উন্মোচন কৰিব 'অস্তিত্বৰ সময়'ৰ কবি বকলীয়াঘাটৰ লক্ষেশ্বৰ শৰ্মাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/33f19a02-5a17-4104-8c42-d22c51049595/ba679ddc_6b08_4272_9f60_862c6c090808.jpg)
সেয়েহে আমন্ত্ৰিত অতিথিসকলক উক্ত সভাত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে বিশিষ্ট লেখক আৰু বিশিষ্ট কবি দুগৰাকীক ভৱিষ্যতলৈ আগুৱাই যোৱাত উৎসাহ উদ্দীপনা যোগাবৰ বাবে আহ্বান জনাইছে।
Also Read: নৱবৰ্ষৰ প্ৰাকক্ষণত কাজিৰঙাত সুৰাসুক্ত চালকৰ বিৰুদ্ধে পৰিবহন বিভাগৰ অভিযান